Saturday, 18 February 2017

মানুহ বান্দৰৰ পৰা সৃষ্টি‍ নেকি ?



   মানুহ বান্দৰৰ পৰা সৃষ্টি‍ নেকি ?

ডাৰউইনৰ মত অনুসৰি মানুহ বান্দৰৰ পৰা সৃষ্টি  হৈছে । বান্দৰৰ নেজ গছত ঘহা লাগি লাগি এসময়ত তাৰ নেজ চিঙি যায় আৰু তাৰ পিছত সি লাহে লাহে চিধা হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে । এনেদৰে পৰ্যায়ক্ৰমে বান্দৰ মানুহলৈ ৰূপান্তৰিত হয় ।

বৰ্তমান স্কুল কলেজত যেতিয়া এই মতবাদ শিকোৱা হয়, তেতিয়া ডাৰউইনৰ মতবাদত বিশ্বাসী শিক্ষিত বান্দৰ অধ্যাপক সকলে ছাত্ৰসকলক কয়‍, তোমালোকে যদি বিশ্বাস নকৰা তেতিয়া হলে পিছফালে হাত দি চোৱা, নেজৰ গোড়া দেখিবলৈ পাবা । তেতিয়া কিছুমান ছাত্ৰই গোপনে পিছফালে হাত দি চাই আৰু সিহতেওঁ ভবীষ্যতে বান্দৰৰ সন্তান হোৱাৰ সিদ্ধান্ত লয় ।

অথচ এই শিক্ষিত মুৰ্খ পণ্ডিতসকলে অলপো চিন্তা নকৰে যে বান্দৰ পূৰ্বকালত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই হৈ আছে । কিছুমান হাবি জংঘলত আছে আৰু কিছুমান চিৰিয়াখানাত আছে । আন কিছুমান জন্মৰ পৰা মৃত্যুলৈ এতিয়াও গছৰ ডালত ওলমি আছে । কিন্তু কোনো বান্দৰৰ নেজ সৰিযোৱা দেখা পোৱা নাযায়,  আৰু চিধাহৈ খোজ কঢ়াও দেখা নাযায় । কোনো বান্দৰৰ কিছু অংশ মানুহৰ নিচিনাও দেখা নাযায় । আৰু এতিয়া এই বিবৰ্তনবাদ বন্ধ কিয় হল ‌??

আচল বিষয় হল, - সৃষ্টিকৰ্তাত বিশ্বাসী নোহোৱাৰ বাবে সিহঁতে নিজকে বান্দৰৰ বংশধৰ বুলি বিশ্বাস কৰে । পাভ মাছ আৰু বৰালি মাছ দেখাত প্ৰায় একে হলেও,  পাভ মাছ কিন্তু বৰালি মাছৰ বংশধৰ নহয় । ঠিক একেদৰে মানুহৰ লগত বান্দৰৰ বা চিম্পাঞ্জীৰ কিছু মিল থাকিলেই ইহঁত মানুহৰ পূৰ্বপুৰুষ নহয় ।

এতিয়া যদি এই নাস্তিক সকলক সোধা হয়, যে  বান্দৰ কৰ পৰা সৃষ্টি হল ?  তেতিয়া হয়তো সিহঁতে কব যে অন্য কোনো ক্ষুদ্ৰ প্ৰাণীৰ পৰা । কেতিয়াবা হয়তো কব এন্দুৰৰ পৰা ।  আকৌ যদি সোধা হয় তেনেহঁলে ইন্দুৰ কৰ পৰা সৃষ্টি হল ?  তেতিয়া হয়তো আকৌ কব যে অন্য কোনো ক্ষুদ্ৰ প্ৰাণীৰ পৰা । এনেকৈ হয়তো এটাৰ পাছত এটা নাম কৈ থাকিব নতুবা আকৌ বান্দৰত আহি যাব । মূলত এই ভাবেই  সিহতে বিভ্ৰান্তিৰ জালত মেৰপাক খাই থাকিব ।

নাস্তিক সকলৰ এনে ভণ্ডামি আমি আগলৈ প্ৰকাশ কৰি থাকিম,  ইনশা আল্লাহ । -

অধিক জানিবলৈ ইতিমধ্যে বজাৰত এখন কিতাপ আহি পাইছে ।
ডাৰউইনবাদঃ বিশ্বমানবতাৰ অভিশাপ । কিতাপখন  সকলোৱে সংগ্ৰহ কৰি লব ।

No comments:

Post a Comment