Friday, 17 February 2017

ইছলাম পৃথিবীৰ সৰ্বোচ্চ মানৱীয় আদৰ্শ




“ইছলাম পৃথিবীৰ সৰ্বোচ্চ মানৱীয় আদৰ্শ” কোৰআনৰ পৰা ইয়াৰ কেইটামান উদাহৰণ দাঙি ধৰা হ'ল ।
তোমালোকে ইজনে সিজনৰ ধন-সম্পদ অন্যায়ভাৱে আত্মসাৎ নকৰিবা আৰু তাক বিচাৰকৰ ওচৰত এই উদ্দেশ্যেও উপস্থাপন নকৰিবা যে¸ তোমালোকে আনৰ সম্পত্তিৰ কিছু অংশ ইচ্ছা কৰি অন্যায়ভাৱে ভক্ষণ কৰাৰ সুযোগ পোৱা । (কোৰআন ছুৰা নং ২ঃ আয়াত নং ১৮৮)

তোমালোকে যদি প্ৰকাশ্যভাৱে দান-দক্ষীণা কৰা তেন্তে এয়া ভাল । আৰু যদি গোপনে  অভাৱগ্ৰস্তলোকক দান কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম । এই নীতি মানি চলিলে তোমালোকৰ বহু পাপ মোচন হব । (২ঃ২৭১)

আল্লাহে সুতক মঙ্গলহীন কৰিছে আৰু দান-দক্ষীণাত মঙ্গল বৃদ্ধি কৰিছে । আল্লাহে কোনো অকৃতজ্ঞ আৰু দুষ্কাৰ্যকাৰীক ভাল নাপায় । (২ঃ২৭৬)

হে মুমিনসকল ! তোমালোকে আল্লাহক ভয় কৰা আৰু ধৰুৱাৰ পৰা যি সুত পাবলৈ আছে সেইটো এৰি দিয়া যদি তোমালোক মুমিন হোৱা ।
কিন্তু যদি তোমালোকে এনে নকৰা, তেনেহলে সাৱধান আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা তোমালোকৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা আছে, আৰু যদি তোমালোকে তাওবা কৰা (অনুতাপ কৰি সুত খাবলৈ এৰি দিয়া) তেনেহলে তোমালোকৰ মূলধনখিনি ঘুৰাই লবলৈ তোমালোকৰ অধিকাৰ আছে । তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব । (২ঃ২৭৮-২৭৯)

মাউৰাসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ ঘুৰাই দিয়া¸ তোমালোকে উৎকৃষ্ট বস্তুৰ লগত নিকৃষ্ট বস্তু সলনি নকৰিবা । তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা । নিশ্চয় এইটো মহাপাপ । (৪ঃ২)

যিসকলে মাউৰা লৰা-ছোৱালীসকলৰ ধন-সম্পত্তি অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত জাহান্নামৰ প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব । (৪ঃ১০)

উৎকৃষ্টভাৱে মঙ্গল সাধন কৰাৰ উদ্দেশ্য ব্যতীত তোমালোকে মাউৰা লৰা-ছোৱালীৰ সম্পত্তিৰ ওচৰতেই নাচাপিবা¸ যেতিয়ালৈকে সিহত বয়ঃপ্ৰাপ্ত নহয় । জোখ-মাপ কৰোতে হেৰ-ফেৰ নকৰি ন্যায়ভাৱে জোখ-মাপ কৰিবা । (৬ঃ১৫২)

তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোক সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা ।
আৰু ফেৰ নথকা সঠিক তৰ্জুৰে ওজন কৰিবা ।
মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা ।
‘আৰু সেই সত্তাক ভয় কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে (২৬ঃ১৮১-১৮৪)

আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা । তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা । (১৭ঃ২৩)

দুখীয়া-গৰিবক নিজৰ জমাধনৰ পৰা বছৰি ২.৫ %  যাকত হিচাবে দান দিয়া ইছলামত বাধ্যতামূলক ।

হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানৱজাতিৰ প্ৰাণ ৰক্ষা কৰিলে । (৫:৩২)

আৰু যিসকলে আমাৰ আয়াতসমূহক (কোৰআনৰ বাণী) তুচ্ছ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী । (২২ঃ৪৯)

No comments:

Post a Comment