উত্তৰঃ- প্ৰথম কথা এইটো মুছলমানৰ কৃতকৰ্মৰ ফল ।
আল্লাহে
কৈছে "তোমালোকলৈ যি বিপদ আপদ আহে সেয়া
তোমালোকৰ কৃতকৰ্মৰ ফল" (ছুৰা ৪২ আয়াত ৩০)
দ্বিতীয়তে
দলে দলে বিভক্ত হোৱা ।
আল্লাহে
কৈছেঃ "তোমালোক আল্লাহ আৰু ৰছুলৰ আনুগত্য কৰা আৰু পৰস্পৰে কাজিয়াত লিপ্ত নহাবা,নহলে তোমালোকৰ মাজত দুৰ্বলতাৰ সৃষ্টি হব । আৰু
তোমালোকৰ শক্তি-সামৰ্থ নোহোৱা হব" ।
(ছুৰা
আনফাল,আয়াত ৪৬)
তৃতীয়তেঃ
মুমিন বান্দাৰ ওপৰত আহা বিপদ আপদ পৰীক্ষা স্বৰুপ ।
আল্লাহে
কৈছে "নিশ্চয় আমি তোমালোকক ভয়,ভোক,জান-মালৰ ক্ষতি ,ফল-শস্যাদি বিনষ্ট কৰি পৰীক্ষা কৰিম
আৰু সেই ধৰ্যশীল সকলক সু খবৰ দিয়া । (ছুৰা বাকাৰা,আয়াত ১৫৫)
চতুৰ্থতেঃ
আমৰ বিল মাৰূফ অৰ্থাত সত কামৰ আদেশ আৰু ওৱা নাহী আনিল মুনকাৰ অৰ্থাত অসত কামৰ নিশেধ
কৰা । আৰু ইয়াৰ দায়িত্বৰ পৰা বিৰত থাকা । ৰছুলুল্লাহ (ছঃ) য়ে কৈছে "মানুহে যেতিয়া
কাৰোবাক বেয়া ৰাস্তাত দেখে আৰু তাক বাধা নিদিয়ে তেতিয়া আল্লাহে সিহতক ব্যাপক গজবৰ দ্বাৰা
শাস্তি দিয়ে" ।
মুছলমানে
সিহতৰ এই দায়িত্ব যেন পাহৰি গৈছে । ফলত আল্লাহৰ
ব্যাপক গজব লাভ কৰিছে ।
গতিকে
মুছলমানৰ ওপৰত সকলো নিৰ্যাতনৰ মুল কাৰণ হৈছে (কোৰআন আৰু হাদিছৰ)ৰ পৰা বহুত দুৰত থকা
। এই ক্ষেত্ৰত মুছলমানৰ একমাত্ৰ কৰণীয় হল
কোৰআন আৰু হাদিছৰ ফালে প্ৰত্যাবৰ্তন কৰা আৰু তাৰ আলোকত ঐক্যবদ্ধ মুছলিম সমাজ গড়ি তোলা ।
No comments:
Post a Comment