ইছলামৰ শত্ৰুসকলে আৰু নাস্তিকসকলে প্ৰায়ে কোৰআনৰ আয়াতবোৰক অপ্রাসঙ্গিক ভাৱে বৰ্ণনা কৰে । তাৰ ভিতৰত প্ৰধান হ'ল যুদ্ধ-বিগ্ৰহৰ (জিহাদৰ) আয়াতবোৰ ।
আল্লাহে সম্পূৰ্ণ কোৰআন এদিনতে অৱতীৰ্ণ কৰা নাই । ইয়াক সূদীৰ্ঘ ২৩ বছৰত সম্পূৰ্ণ কৰা হৈছে । লগতে মনত ৰখা দৰকাৰ যে ভিন ভিন পৰিস্থিতি-পৰিৱেশত কোৰআনৰ আয়াতবোৰ আল্লাহে অৱতীৰ্ণ কৰিছিল ।
কোৰআনত যুদ্ধ-বিগ্ৰহ সম্পৰ্কেও কেইবাটাও আয়াত আছে । সেই সকলোবোৰ আয়াত এদিনতে অৱতীৰ্ণ হোৱা নাই । ভিন ভিন পৰিস্থিতি-পৰিৱেশত যুদ্ধ-বিগ্ৰহৰ সেই আয়াতবোৰ অৱতীৰ্ণ কৰা হৈছিল ।
১৪৫০ বছৰ আগত যি পৰিস্থিতিত জিহাদৰ আয়াতবোৰ অৱতীৰ্ণ কৰা হৈছিল, আজিৰ দিনত ঠিক সেই পৰিস্থিতি হলেহে যুদ্ধ-বিগ্ৰহৰ সেই আয়াতবোৰ প্ৰয়োগ কৰিব পৰা যাব ।
এই আয়াতবোৰৰ তফচিৰ (ব্যাখ্যা) জনাৰ লগতে কোন আয়াত কোন পৰিস্থিতিত অৱতীৰ্ণ হৈছিল, সেইটোও জনা দৰকাৰ । তেতিয়াহে কোৰআনৰ আয়াতৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্য বুজা সম্ভৱ হব ।
লগতে স্মৰণযোগ্য যে, নবী মোহাম্মদ (ছঃ) ৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছিল । গতিকে কোৰআনক প্ৰকৃতাৰ্থত বুজিবলৈ হ'লে ৰাছুলুল্লাহ (ছঃ) ৰ জীৱনী আৰু হাদিছৰ সম্পূৰ্ণ জ্ঞান থাকিবই লাগিব । আৰু এই জ্ঞান নাস্তিকৰ সকলৰ খুবেই কম ।
গতিকে নাস্তিক সকলে এই জ্ঞান অবিহনে কেতিয়াও কোৰআন বুজিব নোৱাৰে । ইয়াৰ বাহিৰেও কোৰআন নিজে নিজে সম্পূৰ্ণভাৱে বুজিবলৈ হলে আৰবী ভাষাত পাৰদৰ্শিতা থাকিবই লাগিব নাইবা ইছলামৰ বিজ্ঞ পণ্ডিতৰ সহায় লবই লাগিব । আৰু নাস্তিকসকলৰ আৰবী ভাষাৰ তেনে জ্ঞান নাই আৰু ইছলামৰ বিজ্ঞ পণ্ডিতৰো সহায় নলয় তেওঁলোকে । গতিকে নাস্তিকৰ দ্বাৰা যুদ্ধ-বিগ্ৰহৰ আয়াত বুজি পোৱা কেতিয়াও সম্ভৱ নহয় ।
কোৰআনৰ জিহাদৰ আয়াতবোৰ অত্যাচাৰী কাফিৰ-মুশ্বৰিকসকলৰ বিৰুদ্ধে অৱতীৰ্ণ কৰা হৈছিল । সিহঁতে ৰাছুল (ছঃ) ৰ লগত যুদ্ধ কৰিছিল, দেশত অশান্তি বিয়পাবলৈ অহৰহ চেষ্টা চলাই গৈছিল । ধৰ্ম প্ৰচাৰত বাধাৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে¸ মহম্মদ (ছঃ)ক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনাকাৰী সকলৰ বিৰুদ্ধে আৰু সেই সময়ত মক্কা-মদীনাত অশান্তি বিয়পাবলৈ অহৰহ চেষ্টা চলাই থকা কাফিৰ-মুছৰিক লকলৰ বিৰুদ্ধেহে কোৰআনত যুদ্ধৰ আদেশ দিয়া হৈছে ।
যুদ্ধ কৰিবলৈ ইছলামে কেইবাটাও নীতি নিৰ্ধাৰণ কৰি দিছে। তাৰে মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল- মুছলিমৰ হাতত ৰাষ্ট্ৰীয় ক্ষমতা থাকিব লাগিব আৰু উম্মতৰ এজন নেতা (Leader) থাকিব লাগিব। সেই লিডাৰৰ নেতৃত্বত মুছলিম সকলে যুদ্ধ কৰিব ।
যিহেতু বৰ্তমান মুছলিমৰ কোনো লিডাৰ নাই, গতিকে ইছলামত যি পৰ্যায়ৰ যুদ্ধৰ কথা কৈছে সেয়া বৰ্তমান সম্ভৱ নহয় ।
কোৰআন আৰু হাদিছত আমাক যেনে পৰ্যায়ৰ যুদ্ধৰ কথা কৈছে, তেনেকোৱা যুদ্ধ বৰ্তমান বিশ্বত কতো হোৱা নাই ।
ISIS, Al Qaida, Lashkar e Taiba ইত্যাদি সন্ত্ৰাসবাদী দল। ইছলামিক জিহাদৰ লগত এওলোকৰ কোনো সম্পৰ্ক নাই ।

No comments:
Post a Comment