প্ৰশ্ন :- সাম্প্ৰতিক আধুনিক
বিজ্ঞানৰ অনুসন্ধানত প্ৰকাশ যে এই
বিশ্ব সৃষ্টিৰ মূলতে এটি
মহাবিস্ফোৰণ সংঘাটিত হৈছিল ,
যাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰত গ্ৰহ -
নক্ষত্ৰপুঞ্জৰ সৃষ্টি হৈছে । এই
মহাবিস্ফোৰণ তত্বৰ আভাস আৰু
সমৰ্থন কুৰআন পোৱা যায় নে ?
উত্তৰ :- বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু
মহানাদ তত্ব
আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ
ৰহস্য মহানাদ তত্বৰ জৰিয়তে দিয়াৰ
চেষ্টা কৰা হৈছে। মহানাদ তত্ব
সৃষ্টি বিজ্ঞানৰ নমুনা হিচাবে বহু
চৰ্চিত এটা তত্ব। এই তত্ব মতে
আদিতে বিশ্বব্ৰহ্মাণ্ডৰ সকলো ভৰ ও
বস্তু এটা বিন্দুত থুপ খাই আছিল আৰু
কাল ক্ৰমত ইয়াৰ এটা মহাবিস্ফোৰণ
সংঘটিত হয়
মহাবিস্ফোৰণৰ থিক পিছতেই
বিশ্বব্ৰহ্মাণ্ডখন সংঘাতিক ধৰণে
উত্তপ্ত আৰু অতিঘনত্ব সম্পন্ন
অবস্থাত আছিল। এই অৱস্থাত
বিশ্বব্ৰহ্মাণ্ডখন অতি বেগত
প্ৰসাৰিত হৈছিল। এই ক্ষীপ্ৰ
প্ৰসাৰণৰ ফলত বিশ্বব্ৰহ্মাণ্ডখন
শীতল হবলৈ আৰম্ভ কৰে আৰু বৰ্তমানৰ
নিৰবচিন্ন প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ
অবস্থা প্ৰাপ্ত হয়। বিজ্ঞানী সকলৰ
মতে মহানাদ সৃষ্টি হোৱা সময়টো
প্ৰায় ১৩.৭৫ বিলিয়ন বছৰৰ আগত
আছিল। আৰম্ভণিৰ প্ৰসাৰণৰ পিছত
বিশ্বব্ৰহ্মাণ্ড যথেষ্ট শীতল হৈছিল
আৰু এই শীতলীকৰণ প্ৰক্ৰিয়া চলি
থকা অবস্থাত বিশ্বব্ৰহ্মাণ্ডৰ শক্তি
বিভিন্ন মৌলিক কণালৈ যেনে
প্ৰ’ট’ন, নিউট্ৰ’ন আৰু ইলেক্ট্ৰ’ন
আদিলৈ ৰূপান্তৰিত হৈছিল। এই প্ৰট’ন
আৰু নিউট্ৰ’নসমূহে মহানাদৰ
কেইটামান মূহুৰ্তৰ পিচতেই যুক্ত হৈ
প্ৰথম বিধ আদি পৰমাণু গঠিত
কৰিছিল। আৰু কালক্ৰমত এই মৌলিক
কণাসমূহে সৃষ্টিৰ
পাতনিতেই একগোট হৈ কেতবোৰ
ডাৱৰৰ দৰে গঠন লাভ কৰিছিল। প্ৰচণ্ড
মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ডাৱৰৰ
মৌলিক কণিকাবোৰৰ পৰাই শত সহস্ৰ
নক্ষত্ৰ আৰু তাৰকা মণ্ডলৰ লগতে
আমাৰ হাতীপটীও সৃষ্টি হৈছিল। আৰু
এনেকৈ সৃষ্টি হৈছিল আমাৰ পৃথিৱীও
,,
এই বিষয়ে কুৰআনত কোৱা হৈছে
এনেকৈ ----
Arabic: ﺃَﻭَﻟَﻢْ ﻳَﺮَ ﺍﻟَّﺬِﻳﻦَ ﻛَﻔَﺮُﻭﺍ ﺃَﻥَّ
ﺍﻟﺴَّﻤَﺎﻭَﺍﺕِ ﻭَﺍﻟْﺄَﺭْﺽَ ﻛَﺎﻧَﺘَﺎ ﺭَﺗْﻘًﺎ ﻓَﻔَﺘَﻘْﻨَﺎﻫُﻤَﺎ ... "
অৰ্থাৎ : - " অবিশ্বাসীবিলাকে ভাবি
চোৱা নাই নে , আকাশমণ্ডল আৰু
পৃথিৱী ( আদিতে) সকলোবোৰেই
একেলগ সংলগ্ন হৈ আছিল । পিছত
আমি সেইবোৰক পৃথক কৰি দিছোঁ
...." ( কুৰআন 21 :30 )
ময় লিখা কথা আজি মই পঢ়িবলৈ পালু
ReplyDelete