Saturday, 18 February 2017

জিজিয়া কৰ কি ?


জিজিয়া কৰ-

জিজিয়া কৰ মুছলিম শাসক সকলে অমুছলিম সকলৰ পৰা লোৱা এটা সামন্য পৰিমাণ কৰ আছিল । মুছলিম সকলৰ ওপৰত যাকাত আত্যাৱশ্যক আৰু অমুছলিম সকলৰ ওপৰত সামান্য পৰিমানৰ জিজিয়া কৰ আছিল । এই জিজিয়া কৰৰ টকা অমুছলিম লোক সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে খৰচ কৰা হৈছিল । এই কৰ ইমান সামন্য পৰিমানৰ আছিল যে আজিৰ তাৰিখৰ লগত যদি মিলোৱা হয় ইয়াৰ পৰিমাণ বছৰত ৩০/৪০ টকাতকৈ বেছি নহব । যিটো আজিৰ তাৰিখত চৰকাৰে লোৱাতকৈ বহুগুণে কম ।

জিজিয়া কৰ সম্পৰ্কে বিসদভাৱে জানিবলৈ হলে তলৰ লিংটো খুলি তাত থকা Video টো চাওক আপুনি ।

https://m.youtube.com/watch?v=19tm5FC0bGg

কাফিৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ- কাফিৰ শব্দটো আৰবী শব্দ । কাফিৰ শব্দ কোনো গালি শপনি নহয় । কাফিৰ শব্দৰ অৰ্থ হল অস্বীকাৰকাৰী । অৰ্থাৎ আল্লাহ আৰু নবীৰ কথাক অস্বীকাৰ কৰা লোক । সহজ ভাষাত কবলৈ গলে কাফিৰ শব্দৰ অৰ্থ অমুছলিম । বহুতে কাফিৰ শব্দক গালি গালাজ বা অপমানসূচক শব্দ বুলি ভাৱে । এইটো একেবাৰে ভুল ধাৰণা । 

অমুছলিমক যতেই পোৱা ততেই হত্যাকৰা ? ৯ঃ৫


অমুছলিম সকলক উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষী মানসিকতা গঢ়ি তুলিবলৈ লগতে ইছলামক বদনাম কৰিবলৈ ইচলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ বিভিন্ন আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ চলাই অহাটো কোনো নতুন কথা নহয় । এই সন্দৰ্ভত কোৰআনৰ #ছুৰা_তৌবাহৰ ৫ নং আয়াতটিও ইয়াৰ ব্যতিক্ৰম নহয় । ইছলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ যিসমূহ আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ কৰি আছে তাৰ ভিতৰত ছুৰা তৌবাহৰ এই আয়াতটিও এটি অন্যতম আয়াত । ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে সচাকৈয়ে আল্লাহে ছুৰা তৌবাহৰ ৫ নম্বৰ আয়াতত কাফিৰ সকলক য'তেই পোৱা যায় তাতেই হত্যা কৰিবলৈ আদেশ দিছে নে ? আহক ইয়াৰ সম্পৰ্কত কিছু পৰ্যালোচনা কৰো ---

আপুনি যেতিয়া কোৰআন মেলি #ছুৰা_তৌবাহৰ ৫ নং আয়াত চাব তেতিয়া দেখিব যে তাত ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে স্পষ্টকৈ লিখা আছে যে কাফিৰ সকলক য'তেই পোৱা¸ ততেই হত্যা কৰা । কিন্তু এয়া সম্পুৰ্ণ আয়াত নহয় । কথাখিনিৰ আগে পিছে আৰু কিছুমান কথা আছে । ইছলামৰ শত্ৰু সকলে উক্ত আয়াতটিৰ আগে পিছে থকা কথাখিনি কেতিয়াও  নকয় । কাৰণ সেইখিনি কথা কলে সিহঁতৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব ।

আমি সকলোৱেই জানোঁ যে মুহাম্মদ (ছঃ) মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ পৰম শত্ৰু আছিল । কুৰেইছবিলাকে মুহাম্মদ (ছঃ) আৰু ইছলামক নিঃশেষ কৰিবলৈ সদায় যৎপৰোনাস্তি চেষ্টা চলাই আছিল । মুহাম্মদ (ছঃ) ক কোনো সময়তে মুছৰিক কুৰেইছবিলাকে শান্তিত থাকিবলৈ দিয়া নাছিল । সকলো সময়তেই সিহঁতে তেখেত (ছঃ)ক কষ্ট দি আছিল আৰু তেখেতৰ বিৰুদ্ধে যুদ্ধ-বিগ্ৰহ ৰচনা কৰি আছিল ।
মুহাম্মদ (ছঃ)এ মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মক্কাৰ পৰা মদিনালৈ হিজৰত (প্ৰব্ৰজন) কৰিছিল । তেখেত (ছঃ)এ হিজৰী চনৰ ষষ্ঠ বৰ্ষৰ জিলকদ মাহত সহস্ৰধিক মুছলিমক লগত লৈ পুনৰ মদিনাৰ পৰা মক্কালৈ যাত্ৰা কৰিলে । লগে লগে মুহাম্মদ (ছঃ) ৰ পৰম শত্ৰুবিলাকে এই সংবাদ মুছৰিক কুৰেইছবিলাকৰ মাজত প্ৰচাৰ কৰি দিলে যে সহস্ৰধিক মুছলিমক লগত লৈ মুহাম্মদ (ছঃ)এ পুনৰ মদিনাৰ পৰা মক্কা অভিমুখে যাত্ৰা কৰিছে  । এই সংবাদ পোৱাৰ  লগে লগে মুছৰিক কুৰেইছবিলাকে মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ কৌশল ৰচনা কৰিলে ।  মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ সিহঁতে গোপনে ৰাস্তাত খাপ পিতি থাকিল । মুছৰীক সকলৰ এই পৰিকল্পনাৰ সংবাদ মুহাম্মদ (ছঃ)য়ে পাই গল । এই সংবাদ তেখেতে পাই লগে লগে ৰাস্তা পৰিৱৰ্তন কৰি দিলে আৰু মক্কাৰ ওচৰত হুদাইবিয়া নামৰ ঠাই এডোখৰত বাহৰ পাতিলে ।
মুছৰিক কুৰেইছবিলাকেও গম পালে যে মুহাম্মদ (ছঃ)এ ৰাস্তা পৰিৱৰ্তন কৰি হুদাইবিয়াত বাহৰ পাতিছেহি । মুছৰিক সকলে মুহাম্মদ (ছঃ) এ হুদাইবিয়াত বাহৰ পতা বুলি গম পাই সিহঁতে মুহাম্মদ (ছঃ)ক হত্যা কৰিবলৈ সিহঁতৰ মানুহ পঠিয়ালে । মুহাম্মদ (ছঃ)ৰ মানুহে মুহাম্মদ(ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰিক কেইজনক কৰায়ত্ব কৰি মুহাম্মদ (ছঃ)ৰ ওচৰলৈ লৈ অহা হল  । মুহাম্মদ (ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰীক কেইজনে মুহাম্মদ (ছঃ)ৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰাত তেখেত (ছঃ)য়ে সিহতঁক ক্ষমা কৰি দিলে ।

ইয়াৰ পিছত যুদ্ধ-বিগ্ৰহ, ৰক্তক্ষয় আদিৰ পৰা ৰক্ষা পাবলৈ মহম্মদ (ছঃ)য়ে ওচমান (ৰাঃ)ক কুৰেইছবিলাকৰ লগত আলোচনাৰ্থে পঠিয়ালে । কিন্তু কুৰেইছবিলাকে ওচমান (ৰাঃ)ক বন্দী কৰি ৰাখিলে । ইফালে হুদাইবিয়াত বাহৰ পাতি থকা আল্লাহৰ ৰছুল মুহাম্মদ (ছঃ) ক খবৰ দিয়া হল যে ওচমান (ৰাঃ)ক হত্যা কৰা হৈছে । এই খবৰ পোৱাৰ লগে লগে মুছলিম সকলে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলালে ।
মুছৰিকসকল নিশ্চিত হল যে এইবাৰ সিহঁতৰ বিপদ অনিবাৰ্য । উপায়ন্তৰ হৈ কুৰেইছসকল মুহাম্মদ (ছঃ)ৰ ওচৰলৈ আলোচনাৰ্থে আহিল আৰু সিহতৰ পৰা নিশ্চিত হল যে, ওচমান (ৰাঃ)ক হত্যা কৰা হোৱা নাই, বন্দীহে কৰা হৈছে । মুছৰিক কোৰেইছসকলে যুদ্ধ-বিগ্ৰহ নহবলৈ মুহাম্মদ (ছঃ) ৰ ওচৰত কেইটিমান চৰ্ত আৰোপ কৰিলে ।

প্ৰথম চৰ্ত আছিল- এই বছৰ হজ নকৰাকৈ আপোনালোকে উভতি যাব লাগিব । অহাবছৰ মাত্ৰ ৩ দিনৰ বাবেহে হজ কৰিবলৈ মক্কালৈ আহিব পাৰিব ।
দ্বিতীয় চৰ্ত হল – যদি কোনোবা কুৰেইছে মক্কা এৰি মদীনালৈ যায়, তেওঁক ওভতাই দিব লাগিব । কিন্তু যদি কোনোবা মদীনাৰ মুছলিমে মক্কাত প্ৰৱেশ কৰে, তেনেহলে তেওঁক ওভতাই দিয়া নহব ।
তৃতীয় চৰ্ত হল – যিকোনো কাবীলা (গোত্ৰ) নিজৰ ইচ্ছানুযায়ী কুৰেইছসকলৰ লগত অথবা মুছলমানৰ লগত চামিল হব পাৰিব ।
চতুৰ্থ চৰ্ত – এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কুৰেইছ আৰু মুছলিম কোনেও কাৰো ওপৰত আক্ৰমণ কৰিব নোৱাৰিব । আনকি চুক্তিবদ্ধ গোত্ৰবিলাকৰ ওপৰতো কোনেও আক্ৰমণ কৰিব নোৱাৰিব । এই চুক্তিৰ ম্যাদ ১০ বছৰলৈ থাকিব আৰু এই চুক্তি হুদাইবিয়া সন্ধি নামে জনাজাত হব ।
এই চৰ্তসমূহ এক পক্ষীয় আৰু অন্যায়মূলক আছিল যদিও তথাপি শান্তি আৰু ধৈৰ্যৰ দূত মুহাম্মদ (ছঃ)এ শান্তি স্থাপনাৰ্থে এই চৰ্তসমূহ মানি লৈছিল ।
চুক্তিৰ দুবছৰৰ পাছতেই মুছৰিক কুৰেইছসকলে মুছলিম সকলৰ ওপৰত আক্ৰমণ কৰি চুক্তি উলংঘা কৰিলে । একমাত্ৰ শান্তিৰ বাবেই মুহাম্মদ (ছঃ) এ নিজে বশ্যতা স্বীকাৰ কৰি চুক্তি কৰিছিল, তথাপি কুৰেইছসকলে প্ৰৱঞ্চনা কৰি সেই চুক্তি উলংঘা কৰিলে ।
তেতিয়া যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিছিল । প্ৰৱঞ্চক মুছৰিক সকলক শাস্তি প্ৰদান কৰি সমাজত শান্তি স্থাপন কৰিবলৈ যুদ্ধ অতি জৰুৰী হৈ পৰিছিল । এনে এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আল্লাহ তাআলাই মুহাম্মদ(ছঃ)ৰ ওপৰত ছুৰা তৌবাহৰ ১,২, আৰু ৩ নম্বৰ আয়াতকেইটি অৱতীৰ্ণ কৰিছিল ।
(হে মুছলিম সকল, এতিয়া) আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা সিহঁতৰ লগত সম্পৰ্কচ্ছেদৰ ঘোষণা কৰা হল, যিবিলাক মুছৰিকৰ সৈতে তোমালোকে চুক্তি কৰিছিলা । (ছুৰা তৌবাহঃ ১ নম্বৰ আয়াত)
এতেকে তোমালোকে দেশত চাৰিমাহ ঘূৰা-ফিৰা কৰি লোৱা আৰু জানিথোৱা, তোমালোকে আল্লাহক কেতিয়াও দুৰ্বল কৰিব নোৱাৰা¸ বৰং আল্লাহে মুছৰিক সকলক লাঞ্চিত কৰিব । (ছুৰা তৌবাহঃ ২)
আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা মহান হজৰ দিনা ঘোষণা যে, মুছৰিক সকলৰ লগত আল্লাহ আৰু তেওঁৰ ৰছুলৰ কোনো সম্পৰ্ক নাই । এতিয়া তোমালোকে যদি অনুশোচনা কৰা তোমালোকৰেই মঙ্গল আৰু যদি মুখ ঘূৰোৱা তেনেহলে ভালদৰে জানিথোৱা¸ তোমালোকে আল্লাহক দুৰ্বল কৰিব নোৱাৰা । (হে নবী ! মুছৰিক কাফিৰসকলক কঠোৰ শাস্তিৰ সংবাদ দিয়া । (ছুৰা তৌবাহঃ ৩)

আল্লাহৰ এই হুকুমৰ পিছত মহম্মদ (ছঃ) এ মুছৰিক সকলক জনাই দিলে- এয়া আল্লাহৰ হুকুম । এতিয়া চুক্তি ভঙ্গ হৈ গৈছে ।  তোমালোকৰ দ্বাৰাই এই চুক্তি ভঙ্গ কৰা হৈছে । গতিকে পৱিত্ৰ চাৰি মাহ অতিবাহিত হোৱাৰ পিছতে তোমালোকৰ লগত যুদ্ধ আৰম্ভ হব ।
চুক্তি উলংঘ কৰি আক্ৰমণ কৰোঁতাসকলৰ বিৰুদ্ধে প্ৰত্যুত্তৰমূলক আক্ৰমণ কৰি ন্যায় প্ৰদান কৰাটো মুছলিমসকলৰ বাবে অৱশ্যে কৰ্তব্য হৈ পৰিছিল । সেয়েহে সৰ্বোচ্চ ন্যায়কৰ্তা আল্লাহ তাআলাই ছুৰা তৌবাহৰ উক্ত ৫ নং আয়াতত হুকুমনামা পঠিয়াইছে ।

(যদি ভাৰত আৰু চীনৰ মাজত যুদ্ধ আৰম্ভ হয় তেনেহলে দুয়োখন ৰাষ্ট্ৰৰ সেনা প্ৰধানে সৈন্য সকলৰ মনোবল বৃদ্ধি কৰিবলৈ নিশ্চয় কব যে শত্ৰুসকলক যতে পোৱা ততেই হত্যা কৰা । ঠিক তদ্ৰুপ মুছলিম সকলৰ মনোবল বৃদ্ধি কৰিবলৈ আল্লাহ তালায়ো ছুৰা তৌবাহৰ ৫ নং আয়াতত মুছলিম সকলক কাফিৰ মুছৰীক সকলক যতেই পোৱা যায় হত্যা কৰিব কৈছে ।
লগতে যুদ্ধৰ সময়ত কোনো সেনা প্ৰধানে কেতিয়াও নকয় যে¸ শত্ৰুপক্ষৰ সেনাই যদি তোমালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগে আৰু আশ্ৰয় বিচাৰে তেনেহঁলে সিহঁতক ক্ষমা কৰি দিবা আৰু আশ্ৰয় দিবা¸ লগতে  তাক নিৰাপদ ঠাইত থৈ আহিবাগৈ ।
কিন্তু আল্লাহে এই কথা ৬ নং আয়াতটিত মুছলিম সকলক জনাই দিছিল ।)

ছুৰা তৌবাহৰ ৫ নং আয়াতৰ আগৰ ৪ নং আয়াতত আল্লাহে কৈছে, "অৱশ্যে সেইসকল মুছৰিকৰ ক্ষেত্ৰত এই ঘোষণা প্ৰযোজ্য নহয়, যিবিলাকৰ লগত তোমালোকে চুক্তি কৰিছিলা আৰু সিহঁতে তোমালোকৰ লগত চুক্তি ভঙ্গ কৰা নাছিল ।"
যুদ্ধৰ এই ঘোষণা আত্মৰক্ষাৰ বাবেহে আছিল । অন্যায়কাৰী, অত্যাচাৰীৰ দ্বাৰা জোৰপূৰ্বকভাবে জাপি দিয়া যুদ্ধৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবে কৰা যিকোনো প্ৰয়াসক আক্ৰমণ  বুলি কব নোৱাৰি ।
অন্যায়কাৰী তথা অত্যাচাৰীৰ পৰা নিজৰ লগতে নিজৰ ধৰ্মক ৰক্ষা কৰিবলৈ যুদ্ধ কৰা আৰু যুদ্ধৰ সৈন্য সামন্তক উৎসাহিত কৰা ধৰ্ম সন্মত কাৰ্য ।
আমি মনত ৰখা উচিত যে¸ এই সম্পূৰ্ণ ছুৰাটো সেই সময়ৰ মক্কাৰ অত্যাচাৰী কাফীৰ-মুছৰীকসকলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । তেনেস্থলত আজিৰ প্ৰসঙ্গত আৰু অমুছলিমসকলৰ বিৰুদ্ধে এই আয়াত কিয় টানি অনা হৈছে ? নিশ্চয় অমুছলিম সকলক মুছলিমৰ বিৰুদ্ধে উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষীৰ মানসিকতা সৃষ্টি কৰিবলৈ নহয় জানো ?
কোৰআনৰ আয়াতৰ অপব্যাখ্যা কৰি ইছলামক বদনাম  কৰিবলৈ এয়া এক ঘৃণনীয় ষড়যন্ত্ৰ নহয় নে বাৰু ?

ইছলামৰ দৃষ্টিত জিহাদ


ইছলামৰ দৃষ্টিত জিহাদ-

জিহাদ শব্দৰ উত্‍পত্তি হৈছে আৰবীৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা । ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বোজায় ।
.
অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল । উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল । আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন । উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল ।
উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা। দূৰ্ভাগ্যজনক বিষয় যে এনে এক শান্তিৰ প্ৰচেষ্টাক ইছলাম বিৰোধী চক্ৰ সমূহে কালিমা সনাৰ চেষ্টা কৰিলে । ইছলাম বিৰোধী ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলালে !! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই । ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে " হাৰবুল মুকাদ্দীচা"। পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই । এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকর্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধর্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই !! ইছলাম ধর্মৰ এক অন্যতম আদৰ্শ হৈছে " লা ইকৰাহা ফি দ্বীন ", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধর্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ !!
.
জিহাদৰ অৰ্থ ধর্ম যুদ্ধ বুলি কোৱা বাখ্যা ইছলাম বিৰোধী চক্ৰৰ মাথো এক অপপ্ৰচাৰ !! আমেৰিকাৰ পৰা প্ৰকাশিত (১৬ এপ্ৰিল '১৯৭৯) " টাইমছ মেগাজিন" ৰ তথ্য অনুসৰি ১৮০০-১৯৫০ চনলৈ সূদীৰ্ঘ ১৫০ বছৰত প্ৰায় ৬০,০০০ ইছলাম বিৰোধী গ্ৰন্থ প্ৰকাশ পাইছিল । এই গ্ৰন্থ সমূহেই এনে বহু শব্দৰ অপবাখ্যাৰ মূল উত্‍স !!
গতিকে ইছলামক যিমানেই কলুষিত কৰাৰ চেষ্টা নকৰক কিয়, ইছলাম শব্দৰ অৰ্থই হৈছে শান্তি(আত্মসমর্পন) আৰু ইছলামত সন্ত্ৰাসবাদৰ কোনো স্থান নাই!! গতিকে এনেবোৰ বিষয় আমি সকলোৱে অনুধাৱন কৰি আমাৰ মাজত শান্তি শৃংখলা অটুত ৰখাটোৱেই প্ৰতিজন সচেতন ব্যক্তিৰ কাম্য হোৱা উচিত । 

জিহাদ শব্দৰ অৰ্থ কি ?



জিহাদ শব্দৰ অৰ্থ কি ?

>>>জিহাদ শব্দৰ উৎপত্তি হৈছে আৰবীৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা । ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায় ।

অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল ।উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল। আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন। উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল । উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা

ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলায়!! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে " হাৰবুল মুকাদ্দীচা" । পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই। এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকর্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধর্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!! ইছলাম ধর্মৰ এক অন্যতম আদৰ্শ হৈছে " লা ইকৰাহা ফি দ্বীন ", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধর্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ!!

জিহাদ মানে কি ?

জিহাদ মানে কি?

যুদ্ধৰ আৰবীত সমাৰ্থক শব্দ হৈছে হাৰ্ব আৰু পবিত্ৰৰ সমাৰ্থক শব্দ হৈছে মুকাদ্দাছা| গতিকে পবিত্ৰ যুদ্ধৰ সমাৰ্থক শব্দ আৰবীত হৈছে হাৰ্ব-অল-মুকাদ্দাছা|

গতিকে যিহেতু পবিত্ৰ যুদ্ধ মানে হাৰ্ব-অল-মুকাদ্দাছা তেন্তে এতিয়া প্ৰশ্ন হয় জিহাদ মানে কি?

জিহাদ হৈছে পৃথিৱীৰ আটাইতকৈ ভূলকৈ মানুহৰ আগত দাঙি ধৰা এটি শব্দ আৰু ইয়াৰ এই ভূল অৰ্থটো ইতিমধ্যে অসমৰ নিউজ চেনেল আৰু স্থানীয় দলসমূহে অসমলৈকো কঢ়িয়াই আনিলে| এতিয়া কিছুমান ভণ্ড নেতা আৰু দলে সাম্প্ৰদায়িক মেৰুকৰণ উদ্দেশ্যে এই শব্দটোৰ ভূল অৰ্থ ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে| অধিকাংশ মানুহে ভাবে যে জিহাদ মানে পবিত্ৰ যুদ্ধ যিটো সম্পূৰ্ণ অশুদ্ধ| ইয়াৰ উপৰিও বহু মুছলমানেও এই শব্দটোৰ অৰ্থ পবিত্ৰ যুদ্ধ বুলি ভূল ভাৱে উপস্থাপন কৰা দেখা যায়| কিন্তু পবিত্ৰ যুদ্ধৰ আৰবী সমাৰ্থক হৈছে হাৰ্ব-অল-মুকাদ্দাছা যিটো শব্দৰ বৰ্ণনা কোৰাআনৰ কোনো অংশতেই পোৱা নাযায়|
জিহাদ শব্দৰ অভিধানিক অৰ্থ হৈছে নিজৰ বা সমাজৰ উন্নতিৰ কাৰণে যত্ন কৰা বা চেষ্টা কৰা| তলত জিহাদৰ কিছুমান উদাহৰণ দিয়া হ'ল-

১) আপুনি ধুমপানৰ অভ্যাস এৰিবলৈ চেষ্টা কৰাকো জেহাদ বুলি কব পাৰি|

২) প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "স্বচ্ছ ভাৰত অভিযান" ভাৰতক নিকা কৰিবলৈ কৰা এক জিহাদ|

৩)খং,আত্মগৌৰৱ,হিংসা আদিৰ পৰা আতৰিবলৈ চেষ্টা কৰা হৈছে একপ্ৰকাৰৰ জিহাদ|

৪)ভাৰতীয় সেনাই আমাক শক্ৰৰ পৰা ৰক্ষা কৰিবলৈ সীমান্তত কৰি থকা প্ৰচেষ্টা হৈছে এক প্ৰকাৰৰ জিহাদ|

৫)মহাভাৰতত পাণ্ডবে সমাজত শান্তি-সম্প্ৰীতি আৰু সত্য প্ৰতিষ্ঠা কৰিবলৈ অপশক্তি কৌৰৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল| গতিকে আমি আৰবী ভাষাত কব পাৰো যে পঞ্চপাণ্ডৱে কৌৰৱৰ বিৰুদ্ধে শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে জিহাদ কৰিছিল| গতিকে আমি ইয়াকে বুজিলো যে জিহাদ কৰিবলৈ যুদ্ধ কৰিব লগীয়া হব পাৰে কিন্তু জিহাদ শব্দটোৱে পবিত্ৰ যুদ্ধৰ অৰ্থ বহন নকৰে|

British broadcasting corporation ৰ অনুসৰি তলত দিয়া বাক্যবোৰে জিহাদৰ অৰ্থ নুবুজায়-

ক)বলপ্ৰয়োগৰে ইচলামলৈ ধৰ্মান্তৰিত কৰা|

খ)উপনিবেশ স্থাপনৰ উদ্দেশ্যেৰে কোনো দেশক জয় কৰা|

গ)অৰ্থনৈতিক লাভৰ উদ্দেশ্যেৰে কোনো অঞ্চল দখল কৰা|

ঘ)কোনো নেতাৰ ক্ষমতা প্ৰদৰ্শন কৰা|

আমি জানো যে কিছুমান মানহে জানি-শুনিও শিকিব নোখোজে|তেনে লোকক নিশ্বয় হাজাৰ বাৰ বুজালেও জিহাদ মানে যুদ্ধ,সন্ত্ৰাসবাদ,কাজিয়া আদি বুলিয়েই ভাবিব| তেঁওলোকৰ কাৰণে কোৰআনৰ এটা বাকাংশ উল্লেখ কৰিলো-

" সিঁহত হৈছে কলা,বোবা আৰু অন্ধ,গতিকে সিহতে সত্যৰ পথলৈ উভতি নাহে"|
কোৰআন(২:১৯)

অকল মুছলিম নামধাৰী সকলেই সন্ত্ৰসবাদী কিয় ?

অকল মুছলিম নামধাৰী সকলেই সন্ত্ৰসবাদী কিয় ?

১. হিটলাৰ, তেওঁ ৬০ লাখ মানুহক ধৰ্মৰ নামত হত্যা কৰিছে।(তেওঁ খ্ৰীষ্টান আছিল) মুছলিম নাছিল ।

২. সকলোৱে জ্ঞাত ইৰাকৰ খাৰুৱা তেলৰ লোভত আমেৰিকাই তাত সন্ত্ৰাসবাদী বিচৰাৰ নামত লাখ লাখ নিৰীহ মুছলিমক হত্যা কৰিছিল। আমেৰিকাৰ এইবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয়?

৩. ২০১২ চনৰ পৰাই বৌদ্ধ প্ৰধান দেশ ম্যানমাৰত মুছলিমসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ অব্যাহত আছে। ইতিমধ্যেই বৌদ্ধিষ্টসকলৰ হাতত শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ নিৰীহ মুছলিমে প্ৰাণ হেৰুৱাইছে। জ্বলাই দিয়া হৈছে মুছলিমসকলৰ ঘৰ-দুৱাৰ মছজিদ ইত্যাদি। আজিও তাত এই ধাৰা অব্যাহত আছে।  ম্যানমাৰৰ বৌদ্ধিষ্ট সকলৰ এইবিলাক সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয়?

৪. আফগানিস্তানত লাডেনক বিচৰাৰ নামত আমেৰিকাই য'তে-ত'তে বোমা বাৰুদৰে অভিযান চলাইছিল। যাৰ ফলত নিহত হৈছিল লাখ লাখ নিৰীহ মুছলিম লোক। শেষত গৈ লাডেনক পাকিস্তানত পালে। এইবোৰ আমেৰিকাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি? এইবোৰৰ বিৰুদ্ধে মিডিয়া কিয় নিমাত আছিল?

৫. ফিলিস্তানত ইজৰাইলে শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ নিৰীহ মুছলিমক হত্যা কৰিলে? এতিয়াও তাত মুছলিম নিধন যজ্ঞ অব্যাহত আছে। ইজৰাইলৰ এইবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয়?

৬. ২০০৬ চনত মহাৰাষ্ট্ৰৰ মালেগাৱঁত বোমা বিস্ফোৰণ। জড়িত কৰ্ণেল শ্ৰীকান্ত, প্ৰজ্ঞা সিং ঠাকুৰ। য'ত নিহত হৈছিল ৩৭ জন লোক। এই সকল মুছলিম আছিল নেকি?

৭. ২০০৭ চনত আজমীৰৰ দৰগাহত বোমা বিস্ফোৰণ। জড়িত দেবেন্দ্ৰ গুপ্তা, সুনীল জৌছী, চন্দিপ দাঙ্গে, এইসকল মুছলিম নেকি?

৮. ২০০৭ চনত হাইদৰাবাদৰ মক্কা মছজিদত বোমা বিস্ফোৰণ। জড়িত দেবেন্দ্ৰ গুপ্তা, লকেচ শৰ্মা । এই সকল মুছলিম নেকি?

৯. ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰীত Samjhauta Express ত হোৱা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা। য'ত নিহত হৈছিল ৬৮ জন নিৰীহ লোক, আহত হৈছিল শতাধিক লোক। নিহত-আহতৰ প্ৰায় সংখ্যক লোক মুছলমান আছিল। কাৰণ এইখন ৰেল দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ চলিছিল।  Samjhauta Express ত বোমা দিয়া মূল অভিযুক্ত জনৰ নাম হ'ল #Swami Aseemanand । এই হত্যাকাৰীজন মুছলমান আছিল নেকি?

১০. দিল্লীত হাজাৰ হাজাৰ শিখক মুছলিমে হত্যা কৰিছিল নেকি?  ১১. গুজৰাটত শ শ মুছলিমক কোনে হত্যা কৰিছিল?  

১২. ছটীচগড়ত শ,শ সেনাক কোনে হত্যা কৰিলে?
উত্তৰ : সন্ত্ৰাসবাদী সংগঠন মাওবাদীয়ে। মাওবাদী সকল মুছলমান নেকি?

১৩. মহাত্মা গান্ধী, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী আদিক কোনে হত্যা কৰিছিল? মুছলমানে নেকি?

১৪. ইং ২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ ছয় ঠাইত বোমা বিস্ফোৰণ। নিহত ১০০ ৰ ওপৰত পংগু হ'ল ১০০০ ওপৰত । এই কাণ্ড মুছলিমে সংঘটিত কৰিছিল নেকি?

১৫. ধেমাজিত স্কুলত বোমা বিস্ফোৰণ, য'ত নিহত হৈছিল বহুকেইজন কণ কণ শিশু। এইবোৰ কাণ্ড মুছলিমে সংঘটিত কৰিছে নেকি?

১৬. সন্ত্ৰাসবাদী সংগঠন NDFB য়ে ২০১৪ চনত কোকৰাঝাৰত কণ কণ শিশুসহ প্ৰায় ১০০ জন নিৰীহ মুছলিমক হত্যা কৰিছিল ? NDFB মুছলমান নেকি?

১৭. নেলীত হাজাৰ হাজাৰ মুছলিমক কোনে হত্যা কৰিছিল?  ১৮. শোণিতপুৰ জিলাত আদিবাসী নিধন যজ্ঞ কোনে চলাইছিল? এই সকলোবোৰ ঘটনা অমুছলিমে কৰিছে, মুছলিমে কৰা নাই ।

সচাকৈ ইচলামে সন্ত্ৰাসবাদৰ শিক্ষা দিয়েনে ?



সচাকৈ ইচলামে সন্ত্ৰাসবাদৰ শিক্ষা দিয়েনে ?

ইচলামে যদি সন্ত্ৰাসবাদৰ শিক্ষা দিয়ে তেনেহলে কিয় প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ দাবিলিউ বুজৰ জিয়ৰিয়ে ইচলাম গ্ৰহন কৰিলে ?
(http://kkhan449blog.thoughts.com/posts/laura-bush-converts-to-islam)

কিয় বাবৰি মছজিদ ভঙা বলবিৰ সিং য়ে ইচলাম গ্ৰহণ কৰিলে ?

কিয় পাকিস্তানৰ বিখ্যাত ক্ৰিকেট খেলুৱৈ ইউছুফ ইউহানা আৰু দক্ষিণ আফ্ৰিকাৰ Wayen parnel য়ে ইচলাম গ্ৰহন কৰিছিল ?

কিয় এগৰাকী ভাৰতীয় সুৰকাৰ,গায়ক, সংগীত প্ৰযোজক দিলীপ কুমাৰ ১৯৮৯ চনত ইচলাম গ্ৰহন কৰি A.R ৰহমান হল ?

কিয় শিৱসেনাৰ নেতা সুশীল কুমাৰে ইচলাম গ্ৰহণ কৰিলে ?

কিয় অভিনেতা ছৰোজ খান¸ তামিল অভিনেত্ৰি মনিকাই ইচলাম গ্ৰহন কৰিলে ?

কিয় মাইকেল জেকছনৰ ভগ্নী জেনেট জেকচনে ইচলাম গ্ৰহণ কৰিলে ?

কিয় মহম্মদ আলীয়ে ইচলাম গ্ৰহন কৰিছিল ?

কিয় কোৰআন বিৰোধী গেৰী মিলাৰ কোৰআন পঢ়ি মুছলমান হৈ গল ?

কিয় কমেদীষ্টাৰ মিষ্টাৰ বিনে ইচলাম গ্ৰহন কৰিছিল ?

কিয় আমেৰিকাত 9/11 ৰ পিছত 25.67 লাখতকৈ বেচি মানুহে ইচলাম গ্ৰহন কৰিলে ?

কিয় মাইক টাইছন আৰু মাইকেল জেকচনে ইচলাম গ্ৰহন কৰিছিল ?

১৯২৯ চনত আমেৰিকাত এটা মছজিদ আছিল । আৰু আজি আমেৰিকাত মছজিদ ৩০০০ ৰ ওপৰত কিয় ?

২০০৩ লৈকে ৰুছত ২৫০ টা মছজিদ আছিল আৰু আজি ৫০০০ৰ ওপৰত কিয় ?

ইচলামে যদি সচাই সন্ত্ৰাসবাদৰ শিক্ষা দিয়ে তেনেহলে কিয় বৰ্তমান সমগ্ৰ বিশ্বত সকলোতকৈ দ্ৰুত গতিত ইচলাম ধৰ্ম বিয়পিছে আৰু অইন ধৰ্ম এৰি ইচলাম গ্ৰহণ কৰিছে ?

কিয় UK ৰ সংসদ ভৱনত খৃষ্টান সকলে ব্যাপক হাৰত ইচলাম গ্ৰহন কৰাৰ বিষয়টো আলোচনা কৰা হৈছিলে ?

ইন্দোনেচিয়া আৰু মালাইছিয়া ১০০ বছৰ আগত বৌদ্ধ দেশ আছিল । আজি কিয় সেই দেশ ইছলামিক হল ?

বিশ্বৰ যি কোনো ইতিহাসৰ কিতাবত এইটো দেখুৱাই দিয়া যে মুছলমান সকলে ইন্দোনেচিয়া আৰু মালাইছিয়াত কেতিয়া কোনখন যুদ্ধ কৰিছিল ?

সকলো সন্ত্ৰাসবাদী মুছলিম কিয় ??


যদি ইচলামে সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে তেনেহলে সকলো সন্ত্ৰাসবাদী মুছলিম কিয়??

এই প্ৰশ্নটো সাধৰণতে অমুছলিম সকলে মুছলিম সকলক প্ৰায়ে সোধে । কিছুমানে ইয়াৰ উত্তৰ দিয়ে আৰু কিছুমানে হয়তো ইয়াৰ উত্তৰ দিব নোৱাৰে ।

উত্তৰটো হব এনেধৰণৰঃ প্ৰথম কথা সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, এতিয়া সন্ত্ৰাসবাদেই এটা ধৰ্ম হৈ পৰিছে । ইচলামত সন্ত্ৰাসবাদীৰ স্থান নাই । ইচলাম মানে শান্তি ।কোৰআনত আল্লাহে কৈছে (৫:৩২)- জীবনৰ বিনিময়ত কাৰণে নহলে নাইবা ৰাজ্যত অন্যায়ৰ বিস্তাৰৰ কাৰণে নহলে যদি কোনোবাই কোনো মানুহৰ হত্যা কৰে (হওক হিন্দু, মুছলিম বা খ্ৰীষ্টান) তেনেহলে তেও যেন গোটেই মানৱ জাতিক হত্যা কৰিলে ।

দুখৰ বিষয় আজি কিছুমান নামধাৰি মুছলিমে আল্লাহৰ এই বাণীৰ সম্পুৰ্ণ ওলোতা কৰিছে ।বেয়া মানুহ সকলো ধৰ্মতেই আছে আৰু তাৰ কাৰণে ধৰ্মটো দায়ী হব কেতিয়াওঁ নোৱাৰে।
এটা কথাত ধৰ্মতোক আপুনি দায়ী কৰিব পাৰে যদিহে কোৰআন বা হাদীছত এইটো লিখা থাকে যে এজন মানুহ হত্যা কৰিলে এশ নেকি, দহজন মানুহ হত্যা কৰিলে ১০০০ নেকি, মানুহ হত্যা কৰিলে চিধা জান্নাত, এনেধৰণৰ কথা কৰবাত আছে জানো ?

আৰু যদি কোনোবাই ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদক ভাগ কৰিব বিচাৰে তেনেহলে তলৰ খিনি অনুগ্ৰহ কৰি পঢ়ক ।

১. হিটলাৰৰ নাম শুনিছা তেওঁ ৬০ লাখ মানুহক ধৰ্মৰ নামত হত্যা কৰছে ।(তেওঁ খৃষ্টান আছিল) মুছলিম নাছিল ।

২. দ্বিতীয় বিশ্বযুদ্ধত ১ কোটি ৬০ লাখ মানুহক হত্যা কৰা হৈছিল । এই যুদ্ধ মুছলিমে কৰিছিল নেকি ?

৩. Joseph Stalin, তেওঁ ২ কোতি মানুহক হত্যা কৰিছিলে । (তেওঁ খৃষ্টান আছিল)

৪. ফ্ৰান্সৰ মেক্ৰেমিলিনে ২ লাখ ৪০ হাজাৰ মানুহ হত্যা কৰিছে ।

৫. Ashoka তেওঁ ১ লাখ মানুহক হত্যা কৰিছিল । Ashoka মুছলিম আছিল নেকি ?

৬. ২০১৪ চনত ফিলিস্তানত হাজাৰ হাজাৰ মুছলমানক কোনে হত্যা কৰিলে ?

৭. ২০০৬ চনত মহাৰাষ্ট্ৰৰ মালেগাওঁত বোম বিস্ফোৰণৰ । জড়িত কৰ্ণেল শ্ৰীকান্ত, প্ৰজ্ঞা সিং ঠাকুৰ । যত নিহত হৈছিল ৩৭ জন লোক ।

৮. ২০০৭ চনত আজমিৰৰ দৰগাহত বোম বিস্ফোৰণৰ । জড়িত দেবেন্দ্ৰ গুপ্তা, সুনীল জৌছী, চন্দিপ দাঙ্গে, ইহত কিমুছলিম নেকি ?

৯. ২০০৭ চনত হাইদ্ৰবাদৰ মক্কা মছজিদত বোম বিস্ফোৰণৰ । জড়িত দেবেন্দ্ৰ গুপ্তা, লকেচ শৰ্মা । ইহত কি মুছলিম নেকি ?

১০. দিল্লীত হাজাৰ হাজাৰ ছীখক মুছলিমে হত্যা কৰিছিল নেকি ?

১১. গুজৰাতত ২০০০ মুছলিমক কোনে হত্যা কৰিছিল ?

১২. ছতীচগড়ত শ,শ সেনাক কোনে হত্যা কৰিলে ?

১৩. মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল ?

১৪. ৰাজিব গান্ধীক কোনে হত্যা কৰিছিল ?

১৫. ইন্দিৰা গান্ধীক কোনে হত্যা কৰিছিল ?

১৬. ২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ ছয় ঠাইত বোম বিস্ফোৰণ নিহত ১০০ ৰ ওপৰত পংগু হল ১০০০ ওপৰত । এইবোৰ মুছলিমে কৰিছে নেকি?

১৭. ধেমাজিত স্কুলত বোমা বিস্ফোৰণ, নিহত ১০জন কণ কণ শিশু । এইবোৰ মুছলিমে কৰিছে নেকি ?

১৮. ২০১৪ চনত কোকৰাঝাৰত কণ কণ শিশুসহ প্ৰায় ১০০ জন মুছলমানক কোনে হত্যা কৰিছিল ?

১৯. নেলিত হাজাৰ হাজাৰ মুছলমানক কোনে হত্যা কৰিছিল ?

২০. শেহতিয়াকৈ আদিবাসি হত্যা যজ্ঞত কোন জড়িত ?

এই সকলোবোৰ ঘটনা অমুছলিমে কৰিছে, মুছলমানে নহয় ।

দৰাচলতে মিডিয়া ইছলামৰ বিৰুদ্ধে। প্রমান হিচাপে কম মিডিয়াই ওছামা বিন লাডেনৰ বিৰুদ্ধে বহুত কিবা কিবা কৈ থাকে, ওছামা বিন লাদেনে কিমান মানুহক হত্যা কৰিছে?

গোটেই মুছলিম জাতিয়ে মিলি সিমান মানুহ হত্যা কৰা নাই, যিমান মানুহক #হিটলাৰে_অকলে হত্যা কৰিছে।কেতিয়াবা শুনিছেনে মিডিয়া হিটলাৰৰ বিৰুদ্ধে কিবা কৈছে?

কোৱা নাই; কাৰণ এই মিডিয়া মুছলিমৰ বিৰুদ্ধে, খ্রিস্টিয়ানৰ বিৰুদ্ধে একো নকয়।এইবোৰ হৈছে আমেৰিকাৰ দালাল।

আফগানিস্তানত জৰ্জ ভুছে ( George W. Bush) সন্ত্ৰাসবাদী বিচৰাৰ নামত কিমান হাজাৰ নিৰিহ লোকক হত্যা কৰিছে। এইবোৰ কি মিডিয়াৰ চকুত নপৰে নেকি?

 যেতিয়া আফগানিস্তানৰ লোকে এই নিৰিহ মানুহৰ মৃত্যুৰ প্রতিশোধ লোৱাৰ বাবে আমেৰিকাৰ উপৰত হামলা কৰে, তেতিয়া টিভি ৰ ব্রেকিং নিউজ হৈ পৰে।

আন এটা ঘটনা হল ৩০ অক্টোবৰৰ, হামলাটো হোৱাৰ পাছত মিডিয়া মুছলিম, মুছলিম বুলি চিঞৰি আছিল, যেতিয়া প্রমান হল এইটো bodoয়ে কৰিছে, তেতিয়া সকলোৱে চুপ হৈ গল। আৰু বহুত আছে ৷ আশাকৰো সকলোৱে বুজি পালে ।

ভেলেন্টাইন ডেৰ নামত নাৰী পুৰুষৰ অবৈধ সম্পৰ্ক



1. প্রেম-ভালপোৱা  কেতিয়া হয় ?
⇒ এজনে আনজনৰ লগত দেখা কৰি/ ফোনত/ ইন্টাৰনেটত কথা পাতি, দেখাসাক্ষাৎ কৰি।
ইছলামত এনেধৰণৰ দেখা সাক্ষাত আৰু কথা কোৱা, যত কামনা-বাসনা মিশ্রিত থাকে সেইটোকেই “যিনা” সাব্যস্ত কৰি হাৰাম কৰি দিছে।

2. যিনা কি ?
⇒ৰাছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ
“কোনো বেগানা নাৰীৰ প্রতি দৃষ্টি দিয়া চকুৰ যিনা, অশ্লীল কথাবার্তা কোৱা জিভাৰ যিনা, অবৈধ ভাবে কাৰোবাক স্পর্শ কৰা হাতৰ যিনা, ব্যাভিচাৰৰ উদ্দেশ্যে খোঁজ কাঢ়ি যোৱা ভৰিৰ যিনা, বেয়া কথা শোনা কাণৰ যিনা আৰু যিনাৰ কল্পণা কৰা আৰু আকাংখা কৰা মনৰ যিনা। ফলত লজ্জাস্থানক পূর্ণতা কৰি দিয়ে অথবা অসম্পূর্ণ ৰাখি দিয়ে”।
(ছহীহ আল-বুখাৰী,
ছহীহ আল-মুছলিম,
ছুনানে আবু দাউদ,
ছুনানে আন-নাছায়ী)

সমস্ত প্রকাৰ যিনা হাৰামঃ
আল্লাহ তাআ’লা যিনাক হাৰাম ঘোষণা কৰি কৈছেঃ
“তোমালোক যিনাৰ ওচৰতেও নাযাবা। কিয়নো ই অত্যন্ত নির্লজ্জ আৰু বেয়া কাম"।
(ছূৰা বনী ইছৰাঈলঃ ৩২)

ৰছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ
"কোনো পুৰুষ যেতিয়া এজনী মহিলাৰ লগত নির্জনত মিলিত হয়, তেতিয়া সিহঁতৰ তৃতীয় সঙ্গী হয় চয়তান।
(তিৰমিযী, মিশকাত)

3. বেগানা নাৰীক স্পর্শ কৰা কিমান ডাঙৰ পাপ!!
⇒ "নিশ্চয় তোমালোকৰ কাৰোবাৰ মূৰত লোহা দি আঘাত দিয়া, সেই মহিলাক স্পর্শ কৰাতকৈ বহুত ভাল, যি তাৰ বাবে হালাল নহয়।
(তাবাৰানী, ছহীহুল জামে হাদীছ -৪৯২১)

4. বিশ্ব ভালপোৱা দিবস (ভেলেন্টাইন ডে) পালনৰ কেইটামান ক্ষতিকৰক দিশঃ

⇒ভালপোৱা (ভেলেন্টাইন ডে) দিবসৰ নামত নির্লজ্জতা বৃদ্ধি পোৱাৰ কাৰণে সমাজত যিনা-ব্যভিচাৰ, ধর্ষণ, হত্যা ব্যাপকভাবে বৃদ্ধি পাবলৈ ধৰিছে ।

আব্দুল্লাহ ইবন‘উমৰ (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূল (ছাঃ)য়ে কৈছে,
‘‘যি জনগোষ্ঠীৰ মাজত নির্লজ্জতা বৃদ্ধি পায়, পিছত সিহঁতে সেইবিলাককেই ব্যাপক ভাবে প্ৰচাৰ কৰে, যাৰ অনিবার্য পৰিণতি স্বরূপ মহামাৰি, সংক্রামক ৰোগ আৰু দুর্ভিক্ষই ইমান প্রকট হৈ দেখা দিব, যিবিলাক সিহঁতৰ পূর্ববর্তীসকলৰ মাজত কেতিয়াও দেখা দিয়া নাই ।’’
(ইবনু মাজাহ, কিতাবুল ফিতান, হাদিছ নং-৪০০৯)

আব্দুল্লাহ ইবন আব্বাছ (ৰা) পৰা বর্ণিত ৰাসূলুল্লাহ্ (ছ) কৈছে,
‘‘যি জনগোষ্ঠীৰ মাজত ব্যভিচাৰ ব্যাপক হব, মৃত্যুৰ আধিক্য ব্যাপক হৈ দেখা দিব।’’
(মুয়াত্তা মালিক, কিতাবুল জিহাদ, হাদিছ নং-৮৭০)

উপৰোক্ত আয়াত ও হাদিছ বিলাকৰ ভাষ্য কিমানেই বাস্তব, বর্তমান বিশ্বৰ বাস্তব চিত্রই ইয়াৰে প্রমাণ কৰে ।

(i). অবাধ যৌন মিলনৰ ফলত "AIDS" নামৰ এটি ৰোগ বর্তমানে মাৰাত্মক আকাৰ ধাৰণ কৰিছে । এইটো এনেকুৱা মাৰাত্মক ৰোগ যে, এই ৰোগৰ চিকিতসাই নাই ।
অথচ এনেকোৱা কোনো ৰোগ পূর্বত নাছিল ।

১৯৯২ চনৰ চেপ্টেম্বৰ লৈ যুক্তৰাষ্ট্রত ২,৪২,০০০ এইডচ্ ৰোগীৰ সন্ধান পোৱা গৈছে । ইয়াৰ ভিতৰত ১,৬০,০০০ য়ে মৃত্যু বৰণ কৰিছে । ১৯৯২ চনৰ গবেষণালব্ধ তথ্যৰ মতে ১৯৯২ চনলৈ ৫০ লক্ষ্য এইডচ্ ৰোগী মৃত্যু হৈছে ।
(Baron& Byrne, Ibid., P. 329)

৩০ ডিচেম্বৰ ১৯৯৬ 'Time International’ পত্রিকাৰত পৰিবেশিত তথ্য মতে, ৬৫ লক্ষ জীবন কাঢ়ি লৈছে এই ঘাতক ৰোগটোৱে । সন্মুখৰ ৫ বছৰত আৰু ৩ কোটি লোকৰ মৃত্যু হ'ব এই ৰোগত।

ৰাচিয়া আৰু পূর্ব ইউৰোপত নতুন কৈ এইডচ্ দেখা দিছে । মাত্র এবছৰত এইডচ্ ৰোগীৰ সংখ্যা বাঢ়ি দ্বিগুণ হৈছে । উত্তৰ আফ্রিকা আৰু মধ্য প্রাচ্যতো নতুন কৈ এইডচ্ সংক্রমণ বৃদ্ধি পাইছে ।’’
(ৰয়টার্ছ, দৈনিক ইনকিলাব,)
(ঢাকা,২ ডিচেম্বৰ ২০০০, পৃঃ১-২)

তেতিয়াহলে অসমৰ তৰুণ-তৰুণী সকলে যদি এই অশ্লীলতা বোৰত লিপ্ত হয় তেতিয়াহলে অসমৰ লোক সকলৰো কি এই ৰোগ নহব নে ???

(ii). ছিফিলিছ-প্রমেহ ৰোগঃ
বিশেষজ্ঞসকলৰ ধাৰণা, আমেৰিকাৰ শতকৰা ৯০% অধিবাসী ৰতিজ দুষ্ট ব্যাধিতত আক্রান্ত । সেইঠাইৰ চৰকাৰী হচপিতাল সমুহত প্রতি বচৰে গড়ে দুই লক্ষ ছিফিলিছ আৰু এক লক্ষ ষাঠি হাজাৰ(১,৬০,০০০) প্রমেহ ৰোগীৰ চিকিৎসা কৰা হয় । (Encyclopedia Britannica, V .23, P. 45.)

ইয়াৰ বাহিৰেও আমেৰিকাত প্রতি বচৰে ত্রিশ-চল্লিশ হাজাৰ শিশু জন্মগত ছিফিলিছ ৰোগত মৃত্যুবৰণ কৰে ।
Dr. Laredde কয়- ফ্রান্সত প্রতি বছৰে কেবল ছিফিলিছ ও তদ-জনিত ৰোগত ত্রিশ হাজাৰ লোকৰ মৃত্যু হয় ।

(iii). হার্পিছ ৰোগঃ
ব্যভিচাৰৰ বাবে জননেন্দ্রিয়ত সৃষ্ট অত্যন্ত পীড়াদায়ক ৰোগ হ'ল- Genital Herpes.

মার্কিন জনসংখ্যাৰ শতকৰা দশ ভাগ (জনসংখ্যা ২৬ কোটি ধৰিলে তাৰ ১০% হয় ২ কোটি ৬০ লক্ষ) এই ৰোগত আক্রান্ত । অকল এইটোৱেই নহয় । প্রত্যেক বছৰত প্রায় ৫০০,০০০ মানুহৰ নাম এই মাৰাত্মক হার্পিছ ৰোগীৰ তালিকাত নতুন কৈ অন্তৰভুক্ত হৈ আছে ।
(Baron & Byrne, Social psychology : Understanding Human Interaction, P. 329.)

➡ দেখিছে হাদিছৰ ভাষ্যৰ লগত বাস্তবতাত কিমান মিল !!!
সেয়ে আমি কি সাবধান হোৱা উচিত নহয় নে ?
আল্লাহ্‌'ক ভয় কৰক,
পৰকাল সম্পর্কে চিন্তাশীল হওক ।

ইছলামৰ দৃষ্টিত ভ্যালেন্টাইন ডে


               ইছলামৰ দৃষ্টিত ভ্যালেন্টাইন ডে ।

ভ্যালেনটাইন ডে'ক- বিশ্ব বেহায়া দিৱস, ধৰ্ষণ দিৱস,  অবৈধ সম্পৰ্কৰ দিৱস বুলিও কব পাৰি ।
ভেলেন্টাইনডে ইহুদী, নাছাৰা, খ্ৰীষ্টান সকৰ মাজত প্ৰচলিত এট জঘন্য উৎসৱ । কিন্তু দুৰ্ভাগ্যৰ কথা বৰ্তমান আমাৰ মাজতো এই জঘন্য উৎসৱটোৱে গা গঢ়ি উঠিছে । এই জঘন্য দিৱসৰ দিনা একাংশ ছোৱালী পাখণ্ড বিলাকৰ কামনাৰ বলি হয় । এই দিৱসৰ দিনাই একাংশ ছোৱালীৰ জীৱন ধ্বংস হয় । এই দিৱসৰ দিনাই একাংশ ছোৱালী বদনাম হয় । এই দিনটোৰ দিনাই একাংশ ছোৱালী ধৰ্ষিতা হয় । এই দিনটোৰ দিনাই সমাজত অস্বাভাৱিক ভাৱে সমাজত নির্লজ্জতা বৃদ্ধি পায় ।

কিছুমান ৩ নং শ্ৰেণীৰ বোকা লোকে কয়,  প্ৰেম কি বেয়া হব পাৰে! নহয়, প্ৰেম হল পবিত্ৰ।
আমাৰ উত্তৰত কম- প্ৰেম যদি ইমানেই ভাল হয় তেনেহলে আপুনাৰ মা বা দেউতাই কিয় বেলেগ নাৰী পুৰুষৰ লগত প্ৰেম কৰাৰ অধিকাৰ নাপায়?
নে কব বিচাৰে আপুনি প্ৰেম কৰিলে ভাল আৰু আপুনাৰ মায়ে কৰিলে বেয়া?

1. অবৈধ প্রেম-ভালপোৱা  কেতিয়া হয় ?
⇒ এজনে আনজনৰ লগত দেখা কৰি/ মোবাইলত/ ইন্টাৰনেটত কথা পাতি, দেখাসাক্ষাৎ কৰি ইত্যাদি।

ইছলামত এনেধৰণৰ অবৈধ দেখা সাক্ষাত আৰু কথা কোৱা, যত কামনা-বাসনা মিশ্রিত থাকে সেইটোকেই “যিনা” সাব্যস্ত কৰি হাৰাম কৰি দিছে।

2. যিনা কি ?
⇒ৰাছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ
“কোনো বেগানা নাৰীৰ প্রতি দৃষ্টি দিয়া চকুৰ যিনা, অশ্লীল কথাবার্তা কোৱা জিভাৰ যিনা, অবৈধ ভাবে কাৰোবাক স্পর্শ কৰা হাতৰ যিনা, ব্যাভিচাৰৰ উদ্দেশ্যে খোঁজ কাঢ়ি যোৱা ভৰিৰ যিনা, বেয়া কথা শোনা কাণৰ যিনা আৰু যিনাৰ কল্পণা কৰা আৰু আকাংখা কৰা মনৰ যিনা। ফলত লজ্জাস্থানক পূর্ণতা কৰি দিয়ে অথবা অসম্পূর্ণ ৰাখি দিয়ে”।
(ছহীহ আল-বুখাৰী, ছহীহ আল-মুছলিম,
ছুনানে আবু দাউদ, ছুনানে আন-নাছায়ী)

সমস্ত প্রকাৰ যিনা হাৰামঃ
আল্লাহ তাআ’লা যিনাক হাৰাম ঘোষণা কৰি কৈছেঃ
“তোমালোক যিনাৰ ওচৰতেও নাযাবা। কিয়নো ই অত্যন্ত নির্লজ্জ আৰু বেয়া কাম"।
(ছূৰা বনী ইছৰাঈলঃ ৩২)

ৰছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ
"কোনো পুৰুষ যেতিয়া এজনী মহিলাৰ লগত নির্জনত মিলিত হয়, তেতিয়া সিহঁতৰ তৃতীয় সঙ্গী হয় চয়তান।
(তিৰমিযী, মিশকাত)

3. বেগানা নাৰীক স্পর্শ কৰা কিমান ডাঙৰ পাপ!!
⇒ "নিশ্চয় তোমালোকৰ কাৰোবাৰ মূৰত লোহা দি আঘাত দিয়া, সেই মহিলাক স্পর্শ কৰাতকৈ বহুত ভাল, যি তাৰ বাবে হালাল নহয়।
(তাবাৰানী, ছহীহুল জামে হাদীছ -৪৯২১)

4. বিশ্ব ভালপোৱা দিবস (ভেলেন্টাইন ডে) পালনৰ কেইটামান ক্ষতিকৰক দিশঃ

⇒ভালপোৱা (ভেলেন্টাইন ডে) দিবসৰ নামত নির্লজ্জতা বৃদ্ধি পোৱাৰ কাৰণে সমাজত যিনা-ব্যভিচাৰ, ধর্ষণ, হত্যা ব্যাপকভাবে বৃদ্ধি পাবলৈ ধৰিছে ।

আব্দুল্লাহ ইবন‘উমৰ (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূল (ছাঃ)য়ে কৈছে,
‘‘যি জনগোষ্ঠীৰ মাজত নির্লজ্জতা বৃদ্ধি পায়, পিছত সিহঁতে সেইবিলাককেই ব্যাপক ভাবে প্ৰচাৰ কৰে, যাৰ অনিবার্য পৰিণতি স্বরূপ মহামাৰি, সংক্রামক ৰোগ আৰু দুর্ভিক্ষই ইমান প্রকট হৈ দেখা দিব, যিবিলাক সিহঁতৰ পূর্ববর্তীসকলৰ মাজত কেতিয়াও দেখা দিয়া নাই ।’’
(ইবনু মাজাহ, কিতাবুল ফিতান, হাদিছ নং-৪০০৯)

আব্দুল্লাহ ইবন আব্বাছ (ৰা) পৰা বর্ণিত ৰাসূলুল্লাহ্ (ছ) কৈছে,
‘‘যি জনগোষ্ঠীৰ মাজত ব্যভিচাৰ ব্যাপক হব, মৃত্যুৰ আধিক্য ব্যাপক হৈ দেখা দিব।’’
(মুয়াত্তা মালিক, কিতাবুল জিহাদ, হাদিছ নং-৮৭০)

উপৰোক্ত আয়াত ও হাদিছ বিলাকৰ ভাষ্য কিমানেই বাস্তব, বর্তমান বিশ্বৰ বাস্তব চিত্রই ইয়াৰে প্রমাণ কৰে ।

(i). অবাধ যৌন মিলনৰ ফলত "AIDS" নামৰ এটি ৰোগ বর্তমানে মাৰাত্মক আকাৰ ধাৰণ কৰিছে । এইটো এনেকুৱা মাৰাত্মক ৰোগ যে, এই ৰোগৰ চিকিতসাই নাই ।
অথচ এনেকোৱা কোনো ৰোগ পূর্বত নাছিল ।

১৯৯২ চনৰ চেপ্টেম্বৰ লৈ যুক্তৰাষ্ট্রত ২,৪২,০০০ এইডচ্ ৰোগীৰ সন্ধান পোৱা গৈছে । ইয়াৰ ভিতৰত ১,৬০,০০০ য়ে মৃত্যু বৰণ কৰিছে । ১৯৯২ চনৰ গবেষণালব্ধ তথ্যৰ মতে ১৯৯২ চনলৈ ৫০ লক্ষ্য এইডচ্ ৰোগী মৃত্যু হৈছে ।
(Baron& Byrne, Ibid., P. 329)

৩০ ডিচেম্বৰ ১৯৯৬ 'Time International’ পত্রিকাৰত পৰিবেশিত তথ্য মতে, ৬৫ লক্ষ জীবন কাঢ়ি লৈছে এই ঘাতক ৰোগটোৱে । সন্মুখৰ ৫ বছৰত আৰু ৩ কোটি লোকৰ মৃত্যু হ'ব এই ৰোগত ।

ৰাচিয়া আৰু পূর্ব ইউৰোপত নতুন কৈ এইডচ্ দেখা দিছে । মাত্র এবছৰত এইডচ্ ৰোগীৰ সংখ্যা বাঢ়ি দ্বিগুণ হৈছে । উত্তৰ আফ্রিকা আৰু মধ্য প্রাচ্যতো নতুন কৈ এইডচ্ সংক্রমণ বৃদ্ধি পাইছে ।’’
(ৰয়টার্ছ, দৈনিক ইনকিলাব,)
(ঢাকা,২ ডিচেম্বৰ ২০০০, পৃঃ১-২)

তেতিয়াহলে অসমৰ তৰুণ-তৰুণী সকলে যদি এই অশ্লীলতা বোৰত লিপ্ত হয় তেতিয়াহলে অসমৰ লোক সকলৰো কি এই ৰোগ নহব নে ???

(ii). ছিফিলিছ-প্রমেহ ৰোগঃ
বিশেষজ্ঞসকলৰ ধাৰণা, আমেৰিকাৰ শতকৰা ৯০% অধিবাসী ৰতিজ দুষ্ট ব্যাধিতত আক্রান্ত । সেইঠাইৰ চৰকাৰী হচপিতাল সমুহত প্রতি বচৰে গড়ে দুই লক্ষ ছিফিলিছ আৰু এক লক্ষ ষাঠি হাজাৰ(১,৬০,০০০) প্রমেহ ৰোগীৰ চিকিৎসা কৰা হয় । (Encyclopedia Britannica, V .23, P. 45.)

ইয়াৰ বাহিৰেও আমেৰিকাত প্রতি বচৰে ত্রিশ-চল্লিশ হাজাৰ শিশু জন্মগত ।

বিগ বেংক আৰু কোৰআন



প্ৰশ্ন :- সাম্প্ৰতিক আধুনিক
বিজ্ঞানৰ অনুসন্ধানত প্ৰকাশ যে এই
বিশ্ব সৃষ্টিৰ মূলতে এটি
মহাবিস্ফোৰণ সংঘাটিত হৈছিল ,
যাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰত গ্ৰহ -
নক্ষত্ৰপুঞ্জৰ সৃষ্টি হৈছে । এই
মহাবিস্ফোৰণ তত্বৰ আভাস আৰু
সমৰ্থন কুৰআন পোৱা যায় নে ?

উত্তৰ :- বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু
মহানাদ তত্ব

আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ
ৰহস্য মহানাদ তত্বৰ জৰিয়তে দিয়াৰ
চেষ্টা কৰা হৈছে। মহানাদ তত্ব
সৃষ্টি বিজ্ঞানৰ নমুনা হিচাবে বহু
চৰ্চিত এটা তত্ব। এই তত্ব মতে
আদিতে বিশ্বব্ৰহ্মাণ্ডৰ সকলো ভৰ ও
বস্তু এটা বিন্দুত থুপ খাই আছিল আৰু
কাল ক্ৰমত ইয়াৰ এটা মহাবিস্ফোৰণ
সংঘটিত হয়
মহাবিস্ফোৰণৰ থিক পিছতেই
বিশ্বব্ৰহ্মাণ্ডখন সংঘাতিক ধৰণে
উত্তপ্ত আৰু অতিঘনত্ব সম্পন্ন
অবস্থাত আছিল। এই অৱস্থাত
বিশ্বব্ৰহ্মাণ্ডখন অতি বেগত
প্ৰসাৰিত হৈছিল। এই ক্ষীপ্ৰ
প্ৰসাৰণৰ ফলত বিশ্বব্ৰহ্মাণ্ডখন
শীতল হবলৈ আৰম্ভ কৰে আৰু বৰ্তমানৰ
নিৰবচিন্ন প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ
অবস্থা প্ৰাপ্ত হয়। বিজ্ঞানী সকলৰ
মতে মহানাদ সৃষ্টি হোৱা সময়টো
প্ৰায় ১৩.৭৫ বিলিয়ন বছৰৰ আগত
আছিল। আৰম্ভণিৰ প্ৰসাৰণৰ পিছত
বিশ্বব্ৰহ্মাণ্ড যথেষ্ট শীতল হৈছিল
আৰু এই শীতলীকৰণ প্ৰক্ৰিয়া চলি
থকা অবস্থাত বিশ্বব্ৰহ্মাণ্ডৰ শক্তি
বিভিন্ন মৌলিক কণালৈ যেনে
প্ৰ’ট’ন, নিউট্ৰ’ন আৰু ইলেক্ট্ৰ’ন
আদিলৈ ৰূপান্তৰিত হৈছিল। এই প্ৰট’ন
আৰু নিউট্ৰ’নসমূহে মহানাদৰ
কেইটামান মূহুৰ্তৰ পিচতেই যুক্ত হৈ
প্ৰথম বিধ আদি পৰমাণু গঠিত
কৰিছিল। আৰু কালক্ৰমত এই মৌলিক
কণাসমূহে সৃষ্টিৰ
পাতনিতেই একগোট হৈ কেতবোৰ
ডাৱৰৰ দৰে গঠন লাভ কৰিছিল। প্ৰচণ্ড
মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ডাৱৰৰ
মৌলিক কণিকাবোৰৰ পৰাই শত সহস্ৰ
নক্ষত্ৰ আৰু তাৰকা মণ্ডলৰ লগতে
আমাৰ হাতীপটীও সৃষ্টি হৈছিল। আৰু
এনেকৈ সৃষ্টি হৈছিল আমাৰ পৃথিৱীও
,,
এই বিষয়ে কুৰআনত কোৱা হৈছে
এনেকৈ ----
Arabic: ﺃَﻭَﻟَﻢْ ﻳَﺮَ ﺍﻟَّﺬِﻳﻦَ ﻛَﻔَﺮُﻭﺍ ﺃَﻥَّ
ﺍﻟﺴَّﻤَﺎﻭَﺍﺕِ ﻭَﺍﻟْﺄَﺭْﺽَ ﻛَﺎﻧَﺘَﺎ ﺭَﺗْﻘًﺎ ﻓَﻔَﺘَﻘْﻨَﺎﻫُﻤَﺎ ... "
অৰ্থাৎ : - " অবিশ্বাসীবিলাকে ভাবি
চোৱা নাই নে , আকাশমণ্ডল আৰু
পৃথিৱী ( আদিতে) সকলোবোৰেই
একেলগ সংলগ্ন হৈ আছিল । পিছত
আমি সেইবোৰক পৃথক কৰি দিছোঁ
...." ( কুৰআন 21 :30 )

আস্তিক আৰু নাস্তিক

                     নাস্তিক আৰু আস্তিক

এচাম নাস্তিকক প্ৰায়ে যুক্তি দিয়া দেখা যায় যে এজন মানুহ যুক্তিবাদী হ'লে নাস্তিক হ'বই । তাৰ মানে সিহঁতে এইটো বুজাব বিচাৰে যে আস্তিক সকল কেতিয়াও যুক্তিবাদী হ'ব নোৱাৰে । তেওঁলোক অন্ধবিশ্বাসী। নাস্তিক সকলৰ এই logicটো কিমান যুক্তি সংগত ?

আস্তিক বা নাস্তিক এই শব্দ দুটা ঈশ্বৰত বিশ্বাসৰ সৈতে জড়িত । কোনো এটা কথা বৈজ্ঞানিক ভাৱে প্ৰমাণিত নোহোৱালৈকে সেই কথাটোৰ সত্যাসত্য নিৰূপণ অসম্ভৱ । কোনো প্ৰমাণ নোহোৱাকৈ কোনো এটা বস্তুৰ উপস্থিতিক বিশ্বাস কৰা বা নকৰা দুয়োটা পক্ষকেই একেটা শ্ৰেণীতেই ৰখিব পাৰি । কাৰণ, যিদৰে এটা পক্ষই কোনো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ বিশ্বাস কৰি লয় ঠিক একেদৰে আনটো পক্ষই কোনো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈয়ে বিশ্বাস নকৰি লয় । এইখিনিতে এটা ঘটনালৈ মনত পৰিছে । মেগন নামৰ ভেড়া ৰখীয়া জনৰ ভেড়া কেইটা এদিন হঠাৎ কাষৰ অচিনাকি পাহৰটোলৈ গৈছিল । সন্ধিয়া যেতিয়া মেগনে ভেড়া কেইটা আনিবলৈ গৈছিল তেতিয়া তাৰ ভৰি কেইখন পাহাৰটোৱে টানি ধৰিছিল । সি ভয়ে ভয়ে যেনেতেনে ঘুৰি আহি গাওঁ পাইছিলহি । গাওঁ আহি পাই সি গাওঁৰ মানুহক কথাটো কোৱাত পিছদিনা গাওঁৰ মানুহবোৰ একগোট হৈ পাহৰটোত কি আছে চাবলৈ গৈছিল । কিন্তু পিছদিনা কাকো পাহাৰটোৱে টানি ধৰা নাছিল । তাৰ পাছত সকলো ঘূৰি আহিছিল । সেই সময়ত এচাম যুক্তিবাদীয়ে মেগনৰ ভ্ৰম হোৱা বুলি কৈছিল । কাৰণ বাকীবোৰ মানুহে পাহাৰটোলৈ গৈ সেই একে অভিজ্ঞতাৰ সন্মুখীন হোৱা নাছিল । সিহঁতে মেগনক ভয়াতুৰ বুলি ঠাট্টা কৰিছিল । মেগনক বিশ্বাস কৰা এচামে এয়া কোনো অদৃশ্য শক্তিৰ কাম বুলি ধৰি লৈছিল । এচাম অনুসন্ধিৎসু মনৰ ব্যক্তিয়ে আকৌ এই ঘটনাৰ ৰহস্য বিচাৰিবলৈ চেষ্টা কৰিছিল । এই ঘটনাটোত যুক্তিবাদী সকলে মেগনৰ প্ৰতি কৰা reactionঅৰ বাবে সিহঁতক দোষ দিব নোৱাৰি । আনহাতে মেগনৰ কথাত বিশ্বাস কৰি অদৃশ্য শক্তিৰ হাত থকা বুলি ভবা শ্ৰেণীটোকো ভুল বুলিব নোৱাৰি । দৰাচলতে সেইদিনা মেগনৰ চেন্দেলযোৰ চিঙি গৈছিল । সেইবাবে তেওঁ সেইদিনা লো জাতীয় ধাতুৰে চেন্দেলপাট repair কৰি লৈছিল। পাহাৰটো ভৰি আছিল Natural magentৰে । পাহাৰটোত থকা natural magnetএ মেগনৰ চেন্দেলপাট টানি ধৰিছিল । তেতিয়ালৈকে বৈজ্ঞানিক ভাৱে চুম্বকৰ আৱিস্কাৰ হোৱা নাছিল । সেয়েহে ঘটানাটোক কেন্দ্ৰ কৰি সকলোৱে নিজৰ চিন্তাৰ ধৰণ অনুসৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছিল। ঘটনাটোৰ পৰা এইটো স্পষ্ট হয় যে আপাত দৃষ্টিত কোনো এটা কথাৰ সপক্ষত যুক্তি থাকিলেও সেয়া বিজ্ঞানৰ পৰীক্ষাগাৰত fail মাৰিব পাৰে । প্ৰয়োজন কেৱল অপেক্ষাৰ।

ব্ৰহ্মাণ্ডৰ জটিল ৰহস্যৰ মাজৰ পৰা কিছু ৰহস্য বিজ্ঞানে ভেদ কৰিবলৈ সক্ষম হৈছে। তাৰ মাজৰ এটা হল পৃথিৱীৰ আটাইতকৈ Complex self operating machine "মানৱ দেহ"। যদিও বিজ্ঞানে মানৱ দেহৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে কিন্তু এতিয়ালৈ তেনেকুৱা হুবহু মানুহ সাজি উলিয়াব পৰা নাই। মানৱ দেহ এই ৰহস্যময় ব্ৰহ্মাণ্ডৰ কেৱল এটা ক্ষুদ্ৰ অংশহে। যেতিয়ালৈ কোনো এটা শক্তিৰ উপস্থিতৰ উমান পালেও বৈজ্ঞানিক ভাবে প্ৰমাণিত নহয় তেতিয়ালৈ সেই শক্তিৰ প্ৰভাৱো অন্ধ বিশ্বাসৰ শ্ৰেণীতেই থাকে। হয়টো বিভিন্ন কাৰণত সকলোৱে সেই শক্তিৰ উপস্থিতিৰ উমান পাব পৰা নাই। তাৰ অৰ্থ এইটো নহয় যে সেই শক্তি নাই। অন্ধভাৱে কোনো এটা কথাত বিশ্বাস কৰাটো যেনেদৰে অন্ধবিশ্বাস, বৈজ্ঞানিক ভাৱে কোনো এটা কথা অসত্য বুলি প্ৰমাণিত নোহোৱাকৈ সেই কথাটো deny কৰাটোও একপ্ৰকাৰ অন্ধবিশ্বাস। সেইবাবেই হয়টো ডাঙৰ ডাঙৰ বিজ্ঞানী সকলে ঈশ্বৰৰ উপস্থিতি নাইবা অনুপস্থিতি বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকে। কাৰণ বিজ্ঞানী সকলেও জানে যে সিহঁতে ব্ৰহ্মাণ্ডৰ ১% মান ৰহস্যহে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত যিজন ঈশ্বৰক ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰা হয় সেইজন ঈশ্বৰৰ উপস্থিতিক deny কৰা মানে হিমালয় পৰ্বত কান্ধত তুলি লবলৈ চেষ্টা কৰাৰ নিচিনা কথা। পঞ্চ ইন্দ্ৰীয়ৰ সীমিত ক্ষমতাৰে আমি ঈশ্বৰৰ উপস্থিতিক deny কৰিব যাব নোৱাৰোঁ। আমি মনত ৰখা উচিত যে মানুহৰ শ্ৰব্য শক্তি 20hzৰ পৰা 20,000hzৰ ভিতৰত। মানে 20hzৰ তলৰ frequencyত কোনোবাই মাতি থাকিলেও আমি নুশুনো আৰু 20,000hz frequencyৰ ওপৰত কোনোবাই মাতি থাকিলেও আমি নুশুনো।

শেষত, লিখনিটো পঢ়াৰ পাছত কোনোবাই হয়টো কব পাৰে যে যদি আপুনি ঈশ্বৰ আছে বুলি ভাবে তেনেহলে প্ৰমাণ দেখুৱাওঁক। তেওঁলোকক মই এটা কথাই কব বিচাৰোঁ। ঈশ্বৰৰ উপস্থিতিৰ সপক্ষে বা বিপক্ষে যুক্তি দিব যোৱা কথাটো পুখুৰীত জাল চবিয়াই জালখন নুঠাওতেই জালত মাছ পৰিছে নে নাই কব যোৱাৰ নিচিনা কথা। যিদৰে জালত মাছ পৰিছে বুলি দাবী কৰা জনৰ জালখন উঠাই মাছ তুলি দেখুৱাটো কৰ্তব্য, ঠিক তেনেদৰে জালত মাছ নাইপৰা বুলি দাবী কৰা জনৰ কৰ্তব্য জালখন উঠাই মাছ নাইপৰা বুলি প্ৰমাণ কৰি দিয়াটো ।

মানুহ বান্দৰৰ পৰা সৃষ্টি‍ নেকি ?



   মানুহ বান্দৰৰ পৰা সৃষ্টি‍ নেকি ?

ডাৰউইনৰ মত অনুসৰি মানুহ বান্দৰৰ পৰা সৃষ্টি  হৈছে । বান্দৰৰ নেজ গছত ঘহা লাগি লাগি এসময়ত তাৰ নেজ চিঙি যায় আৰু তাৰ পিছত সি লাহে লাহে চিধা হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে । এনেদৰে পৰ্যায়ক্ৰমে বান্দৰ মানুহলৈ ৰূপান্তৰিত হয় ।

বৰ্তমান স্কুল কলেজত যেতিয়া এই মতবাদ শিকোৱা হয়, তেতিয়া ডাৰউইনৰ মতবাদত বিশ্বাসী শিক্ষিত বান্দৰ অধ্যাপক সকলে ছাত্ৰসকলক কয়‍, তোমালোকে যদি বিশ্বাস নকৰা তেতিয়া হলে পিছফালে হাত দি চোৱা, নেজৰ গোড়া দেখিবলৈ পাবা । তেতিয়া কিছুমান ছাত্ৰই গোপনে পিছফালে হাত দি চাই আৰু সিহতেওঁ ভবীষ্যতে বান্দৰৰ সন্তান হোৱাৰ সিদ্ধান্ত লয় ।

অথচ এই শিক্ষিত মুৰ্খ পণ্ডিতসকলে অলপো চিন্তা নকৰে যে বান্দৰ পূৰ্বকালত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই হৈ আছে । কিছুমান হাবি জংঘলত আছে আৰু কিছুমান চিৰিয়াখানাত আছে । আন কিছুমান জন্মৰ পৰা মৃত্যুলৈ এতিয়াও গছৰ ডালত ওলমি আছে । কিন্তু কোনো বান্দৰৰ নেজ সৰিযোৱা দেখা পোৱা নাযায়,  আৰু চিধাহৈ খোজ কঢ়াও দেখা নাযায় । কোনো বান্দৰৰ কিছু অংশ মানুহৰ নিচিনাও দেখা নাযায় । আৰু এতিয়া এই বিবৰ্তনবাদ বন্ধ কিয় হল ‌??

আচল বিষয় হল, - সৃষ্টিকৰ্তাত বিশ্বাসী নোহোৱাৰ বাবে সিহঁতে নিজকে বান্দৰৰ বংশধৰ বুলি বিশ্বাস কৰে । পাভ মাছ আৰু বৰালি মাছ দেখাত প্ৰায় একে হলেও,  পাভ মাছ কিন্তু বৰালি মাছৰ বংশধৰ নহয় । ঠিক একেদৰে মানুহৰ লগত বান্দৰৰ বা চিম্পাঞ্জীৰ কিছু মিল থাকিলেই ইহঁত মানুহৰ পূৰ্বপুৰুষ নহয় ।

এতিয়া যদি এই নাস্তিক সকলক সোধা হয়, যে  বান্দৰ কৰ পৰা সৃষ্টি হল ?  তেতিয়া হয়তো সিহঁতে কব যে অন্য কোনো ক্ষুদ্ৰ প্ৰাণীৰ পৰা । কেতিয়াবা হয়তো কব এন্দুৰৰ পৰা ।  আকৌ যদি সোধা হয় তেনেহঁলে ইন্দুৰ কৰ পৰা সৃষ্টি হল ?  তেতিয়া হয়তো আকৌ কব যে অন্য কোনো ক্ষুদ্ৰ প্ৰাণীৰ পৰা । এনেকৈ হয়তো এটাৰ পাছত এটা নাম কৈ থাকিব নতুবা আকৌ বান্দৰত আহি যাব । মূলত এই ভাবেই  সিহতে বিভ্ৰান্তিৰ জালত মেৰপাক খাই থাকিব ।

নাস্তিক সকলৰ এনে ভণ্ডামি আমি আগলৈ প্ৰকাশ কৰি থাকিম,  ইনশা আল্লাহ । -

অধিক জানিবলৈ ইতিমধ্যে বজাৰত এখন কিতাপ আহি পাইছে ।
ডাৰউইনবাদঃ বিশ্বমানবতাৰ অভিশাপ । কিতাপখন  সকলোৱে সংগ্ৰহ কৰি লব ।

নাস্তিক সকললৈ আমাৰ প্ৰশ্ন



                 নাস্তিক সকললৈ আমাৰ প্ৰশ্ন !!!

নাস্তিকসকলে হয়টো নাজানে যে পৱিত্ৰ কোৰআনত আধুনিক বিজ্ঞানৰ দ্বাৰা সমৰ্থিত ১,০০০ ৰ ওপৰত বৈজ্ঞানিক আয়াত (শ্লোক) আছে । আৰু কোৰআনৰ সেই বৈজ্ঞানিক আয়াত (শ্লোক) সমূহ যে ১০০ % নিৰ্ভুল সেইকথা আজিৰ তাৰিখত বিজ্ঞানে প্ৰমাণ কৰি দিছে ।
আধুনিক বিজ্ঞানৰ দ্বাৰা সমর্থিত কোৰআনৰ মাত্ৰ কেইটামান আয়াত (শ্লোক) তলত উল্লেখ কৰা হ'ল ----

(১)  কোৰআনৰ ছূৰা আম্বিয়াৰ ৩০ নং আয়াতত #Big_Bang theory ৰ কথা উল্লেখ আছে !
"এই আকাশমণ্ডল আৰু পৃথিৱী মিলিতভাৱে একগোত হৈ আছিল । পিছত আমি উভয়কে পৃথক কৰি দিলো ।"
এই #Big_Bang theory ৰ কথা বিজ্ঞানে মাত্ৰ কেইবছৰমান আগতহে জানিব পাৰিছিল ।  কিন্তু কোৰআনত এই কথা ১৪০০ বছৰ আগতেই কোৱা হৈছে ।

(২.) #Francis_Drak য়ে কেইবছৰমান আগত প্ৰমাণ কৰি উলিয়াইছে যে পৃথিৱীৰ আকৃতি ostrich_egg  সদৃশ । কিন্তু আচৰিত কথা কোৰআনত এই কথা ১৪০০ বছৰ আগতেই উল্লেখ আছে চুৰা ৭৯ আয়াত নং ৩০ ত ।

(৩) বিজ্ঞানে মাত্ৰ কেইবছৰমান আগতে জানিব পাৰিছে যে - চন্দ্রৰ নিজৰ কোনো পোহৰ নাই ।
✔ ছূৰা ফুৰক্বানৰ ৬১
নং আয়াতত কুৰআনত এইকথা কোৱা হৈছে প্রায় ১৪০০ বছৰ আগতেই ।

(8) বিজ্ঞানে মাত্র দুইশ বছৰ আগতে জানিব পাৰিছে যে-
চন্দ্র আৰু সূর্য কক্ষ পথত ওপঙি চলিছে ।
✔ ছূৰা আম্বিয়াৰ ৩৩ নং আয়াতত কোৰআনত এইকথা ১৪০০ বছৰ আগতেই কোৱা হৈছে ।

(৫) ছূৰা কিয়ামাহ’ৰ ৩ আৰু ৪ নং আয়াতত ১৪০০ বছৰ আগতেই এই কথা কোৱা হৈছে যে - মানুহৰ আঙুলীৰ ছাপ দি মানুহক বেলেগ বেলেগ ভাৱে চিনাক্ত কৰা সম্ভৱ !
✔ যিটো আজিৰ দিনত প্রমাণিত ।

(৬) পানি চক্রৰ কথা বিজ্ঞানে জানিবলৈ বেছি বছৰ হোৱা নাই।
✔ ছূৰা যুমাৰৰ ২১ নং আৰু ছূৰা ৰোমৰ ২৪ আৰু ৪৮ নং আয়াতত কোৰআনে এইকথা ক ১৪০০ বছৰ আগতেই কৈছে ।

(৭) বিজ্ঞানে সৌ সিদিনা জানিব পাৰিছে লৱনযুক্ত পানী আৰু মিষ্টি (মিঠা) পানী একেলগে মিশ্রিত নহয়।
✔ ছূৰা ফুৰকানৰ ৫৩ নং আয়াতত কোৰআনে এইকথা প্রায় ১৪০০ বছৰ আগতেই কৈছে ।

(৮) ইছলামে আমাক সোঁ দিশত ঘূৰি টুপনি মাৰিবলৈ নিৰ্দেশ দিছে ।
✔ বিজ্ঞানে আজি কৈছে সোঁ দিশত ঘূৰি টুপনি গলে হার্টৰ বেমাৰ হোৱাৰ সম্ভবনা কম থাকে ।

(৯) সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি ২০০৯ চনত বিজ্ঞানে প্ৰমাণ কৰি উলিয়ালে যে #পিপৰা (Ants) বোৰেও নিজৰ মাজত ইজনে সিজনৰ লগত বাৰ্তা লাভত মিলিত হয় । কিন্তু কোৰআনৰ ২৭ নং ছূৰাৰ ১৭,১৮ নং আয়াতত ১৪০০ বছৰ আগতেই এই কথা উল্লেখ আছে । এয়া সচাকৈ আচৰিত নহয়নে বাৰু !

এতিয়া আমাৰ নাস্তিকসকললৈ প্ৰশ্ন ! আমি উল্লেখ কৰা কোৰআনৰ এই বৈজ্ঞানিক আয়াতসমুহৰ কথা ১৪০০ বছৰ আগতেই কোনে কোৰআনত উল্লেখ কৰিলে ? যিটো সময়ত পৃথিৱীত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ কোনো অস্তিত্বই নাছিল ।

Friday, 17 February 2017

কোৰআন আৰু আধুনীক বিজ্ঞানৰ সাদৃশ্য



কোনোবাই যদি নিৰপেক্ষভাবে আৰু বৈজ্ঞানিক বিচাৰ বিশ্লেষণৰ মাধ্যমে ইছলামৰ বক্তব্যসমূহ পৰীক্ষা-নিৰীক্ষা কৰি দেখিব বিচাৰে, তেনেহলে দেখিব পাৰিব যে ই আধুনিক বৈজ্ঞানিক তথ্যৰ লগত সামঞ্জস্যপূর্ণ । তদুপৰি বিজ্ঞানৰ সংশ্লিষ্ট বক্তব্য ও বাণী তাত আছে । তাৰপিছতো এইটো অচিন্তনীয় যে মুহাম্মাদৰ(ছঃ) সময়ৰ এজন মানুহ ইয়াৰ ৰচক হব পাৰে ।

আধুনিক বিজ্ঞানৰ দ্বাৰা সমর্থিত কিছু বক্তব্য তলত উল্লেখ কৰা হ'ল,

(১) বিজ্ঞানে কেইদিনমান আগতে জানিব পাৰিছে যে - চন্দ্রৰ নিজৰ কোনো পোহৰ নাই ।
✔ ছূৰা ফুৰক্বানৰ ৬১
নং আয়াতত কুৰআনত এইকথা কোৱা হৈছে প্রায় ১৪০০ বছৰ আগত ।

(২) বিজ্ঞানে মাত্র দুইশ বছৰ আগতে জানিব পাৰিছে যে-
চন্দ্র আৰু সূর্য
কক্ষ পথত ওপঙি চলিছে ।
✔ ছূৰা আম্বিয়াৰ ৩৩ নং আয়াতত কুৰআনত এইকথা কোৱা হৈছে প্রায় ১৪০০ বছৰ আগত ।

(৩) ছূৰা কিয়ামাহ’ৰ ৩ ও ৪ নং আয়াতত ১৪০০ বছৰ আগতেই জনোৱা হৈছে-
মানুহৰ আঙুলীৰ ছাপ দি মানুহক বেলেগভাবে চিনাক্ত কৰা সম্ভব !
✔ যিটো আজিৰ দিনত প্রমাণিত ।

(৪) "বিগব্যাং থিওৰি"ৰ আবিষ্কাৰ
হয় মাত্র এক চল্লিছ বছৰ আগত ।
✔ ছূৰা আম্বিয়াৰ ৩০ নং আয়াতত কুৰআনত এই কথা কোৱা হৈছে প্রায় ১৪০০ বছৰ আগত ।

(৫) পানি চক্রৰ কথা বিজ্ঞানে জানিব পৰা বেচিদিন হোৱা নাই ।
✔ ছূৰা যুমাৰৰ ২১ নং আয়াতত কুৰআনে এইকথা কৈছে প্রায় ১৪০০ বছৰ আগত ।

(৬) বিজ্ঞানে সৌ সিদিনা জানিব পাৰিছে লবণাক্ত পানি আৰু মিষ্টি(মিঠা) পানি একেলগে মিশ্রিত নহয় ।
✔ ছূৰা ফুৰকানৰ ৫৩ নং আয়াতত কুৰআনে এইকথা কৈছে প্রায় ১৪০০ বছৰ আগত ।

(৭) ইছলামে আমাক সোঁ দিশত ঘূৰি টুপনি যাবলৈ উৎসাহিত কৰিছে ।
✔ বিজ্ঞানে কৈছে সোঁ দিশত ঘূৰি টুপনি গলে হার্টৰ বেমাৰ হোৱাৰ সম্ভবনা কম থাকে ।

(৮) ইছলামে গাহৰীৰ মাংসক হাৰাম কৰিছে ।
✔ বিজ্ঞানে আজি কৈছে গাহৰীৰ মাংস লিভাৰ-হার্টৰ বাবে খুবেই ক্ষতিকৰক ।

ইছলাম আৰু বিজ্ঞান



১৪০০ বছৰ আগৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাণী আজি বিজ্ঞানীসকলে সত্য বুলি প্রমাণ পাইছে ।

*মুহাম্মদ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে--
"পুৰুষৰ প্যান্ট/কাপোৰ ভৰিৰ সৰু গাঁঠিৰ ওপৰত পিন্ধিবলৈ । অন্যথাই সি জাহান্নামত যাব"। (ছহীহ বুখাৰীঃ৫৩৭১)

#বিজ্ঞানে কৈছে, পুৰুষৰ ভৰিৰ সৰু গাঁঠিৰ ভিতৰত প্রচুৰ পৰিমাণে ছেক্সুৱেল হৰমোন থাকে আৰু তাক পোহৰ আৰু বতাহৰ প্রয়োজন হয়। সেইকাৰণে কোনোবাই যদি তাক খোলা নাৰাখি ঢাকি ৰাখে তেনেহ'লে তাৰ যৌনশক্তি কমি যাব আৰু বিভিন্ন ৰোগত আক্রান্ত হব ।

*মুহাম্মদ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে--
"ভ্রূ-প্লাগকাৰীৰ ওপৰত আল্লাহৰ লানত"। (ছহীহ বুখাৰীঃ৫৫১৫)

বিজ্ঞানে কয়, ভ্রূ হ'ল চকুৰ সুৰক্ষাৰ কাৰণে । ভ্রূ-ত এনেকুৱা কিছুমান নোম থাকে যদি তাক কাটি বা উভালি পেলোৱা হয় তেনেহ'লে ভ্রূ-প্লাগকাৰী পাগল অথবা মৃত্যুবৰণ কৰিব পাৰে ।

*ৰাছুলুুল্লাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে- "নিচাজাতীয় দ্রব্য খোৱা হাৰাম"। (ছহীহ বুখাৰীঃ ৬১২৪)

বিজ্ঞানে কয়, ধূম-পানৰ কাৰণে হাওঁ-ফাওঁৰ কেন্সাৰ, ব্রংকাইটিচ আৰু হৃদৰোগ হৈ মানুহৰ মৃত্যু হয় । ধূম-পান কৰিলে ঠোঁট, দাতৰ আলু, আঙুলি ক'লা হৈ যায় । যৌনশক্তি আৰু ক্ষুধা কমি যায় । আনকি স্মৃতি শক্তিও কমি যায় ।

*ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-- "পুৰুষৰ কাৰণে স্বর্ণ ব্যৱহাৰ হাৰাম"। (মুছলিমঃ১৬৫৫)

বিজ্ঞানে কয়, স্বর্ণ যিহেতু যৌগ পদার্থ । সেয়ে সি ছালৰ সৈতে মিলি ব্লাডৰ মাধ্যমত ব্রেইনলৈ গুচি যায় আৰু তাৰ পৰিমাণ যদি ২.৩ হয় তেনেহ'লে মানুহে তাৰ আগৰ সকলো স্মৃতি হেৰুৱাই পেলাব ।

*ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে-- "শোৱাৰ সমযত চাকি নুমুৱাই আৰু সোঁ-কাতি হৈ শুবলৈ"। -(ছহীহ বুখাৰীঃ ৩২৮০)

বিজ্ঞানে কয়, সোঁ-কাতি হৈ শুলে হার্ট-এ ভালকৈ পাম্প কৰে আৰু লাইট জ্বলাই শুলে ব্রেইনৰ এনাটমি ৰস শৰীৰত প্রৱেশ কৰিব নোৱাৰে যাৰ ফলত কেন্সাৰ হোৱাৰ খুবেই সম্ভাৱনা থাকে ।

*ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-- "তোমালোকে গোঁফ চুটি কৰা আৰু দাড়ি দীঘল কৰা"। (ছহীহ মুছলিমঃ ৪৯৩,৪৯৪)

বিজ্ঞানে কয়, দাড়ি নাৰাখিলে ছালৰ কেন্সাৰ, হাওঁ-ফাওঁৰ ইনফেকচন আৰু ৪০ বছৰৰ আগতে যৌৱন হেৰোৱাৰ সম্ভাৱনা থাকে ।

আল্লাহে কৈছে-- "আৰু ব্যভিচাৰৰ ওচৰলৈকো নাযাবা । নিশ্চয় এইটো অশ্লীল কৰ্ম আৰু ধ্বংসৰ পথ"। (বনি-ইস্ৰাঈলঃ ৩২) "আৰু নিচাগ্রস্থ চয়তানৰ কৰ্ম"। (মাইদাহঃ৯০)

বিজ্ঞানে কয়,, পর্ন'গ্রাফি, অশ্লীল সম্পর্কসহ বিভিন্ন মাদকদ্রব্য নিচা । যদি কোনোৱে এইবোৰ
নিচাজাতীয় দ্রব্যত সোমাই পৰে, তেনেহ'লে ব্রেইনৰ ফৰেন্টাল এৰিয়াৰে আমাক পৰিচালনা কৰাৰ ইনটেলুক্টুৱাল চেলবিলাক থৰথৰকৈ কপি থাকে আৰু অস্থিৰ হৈ যায় । যাৰ ফলত সি নিচাগ্রস্ত হৈ মাতাল-অসুস্থৰ দৰে জীৱন পৰিচালনা কৰে আৰু সি তাক ধ্বংসৰ ফালে ঠেলি দিয়ে ।

@আল্লাহে কৈছে-- "আৰু যেতিয়া কুৰআন পাঠ কৰা হয়, তেতিয়া তাত কাণ লগাই ৰাখা আৰু নিশ্চুপ থাকা যাতে তোমালোকৰ ওপৰত ৰহমত
হয়"। (আৰাফঃ২০৪)

#বিজ্ঞানে কয়, কুৰআনৰ চাউণ্ড ওৱেভে শৰীৰৰ চেলবিলাক সক্রিয় কৰে, অসুস্থতা আৰোগ্য কৰে বিশেষকৈ হার্ট আৰু কেন্সাৰ ৰোগীসকলৰ আৰু ব্রেইনক এনেভাৱে চার্জ কৰে যেনেকৈ চাৰ্জ নোহোৱা বেটাৰীক চাৰ্জ কৰা হয় ।

কোৰআনৰ উপদেশ


>>>>>>>>>>>কোৰআনৰ উপদেশ >>>>>>>>>>>
                       

✿ ধৰ্মৰ বিষয়ত কাৰো ওপৰত জোৰ জবৰদস্তি নাই ।  (কোৰআন ২ : ২৫৬)

✿ তোমালোকে ন্যায়ভাৱে জোখ-মাখ কৰিবা আৰু ওজনত কাকো কম কৰি নিদিবা । (কোৰআন ৫৫ : ৯)

✿ আল্লাহক বাদ দি সিহঁতে যিবোৰৰ উপাসনা কৰে, তোমালোক সেইবোৰক গালি নিদিবা । (কোৰআন ৬ : ১০৮)

✿ যি সকলে মাউৰা লৰা ছোৱালীৰ ধন সম্পত্তি অন্যায়ভাৱে গ্ৰাস কৰে, সিহতে আচলতে পেতত জুই ভৰাই লয় । অচিৰেই সিহঁত জাহান্নামৰ জ্বলন্ত অগ্নিত পতিত হব । (কোৰআন ৪ : ১০)

✿  পিতৃ-মাতৃ, আত্মিয়-স্বজন, মাউৰা লৰা ছোৱালী, অভাৱগ্ৰস্ত লোক, প্ৰতিবেশী, মুছাফিৰ আদিৰ লগত সদ্ব্যৱহাৰ কৰিবা । (কোৰআন ৪ : ৩৬)

✿ পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা । তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা দূৰৰ কথা তেওঁলোকক #উহ বুলিও নকবা । (কোৰআন ১৭ : ২৩)

✿ বিনা কাৰণত যদি তুমি কাৰোবাক হত্যা কৰিলা (হিন্দু হওঁক, মুছলিম হওঁক, খ্ৰীষ্টান হওঁক) তেনেহলে গোটেই মানৱ জাতিকেই হত্যা কৰিলা । আৰু যদি কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলা তেনেহলে গোটেই মানৱ জাতিৰেই প্ৰাণ ৰক্ষা কৰিলা । (কোৰআন ৫:৩২)

জিহাদৰ আয়াতক অপ্ৰাসঙ্গিকভাৱে ব্যাখ্যা নকৰিব

ইছলামৰ শত্ৰুসকলে আৰু নাস্তিকসকলে প্ৰায়ে কোৰআনৰ আয়াতবোৰক অপ্রাসঙ্গিক ভাৱে বৰ্ণনা কৰে । তাৰ ভিতৰত প্ৰধান হ'ল যুদ্ধ-বিগ্ৰহৰ (জিহাদৰ) আয়াতবোৰ ।

আল্লাহে সম্পূৰ্ণ কোৰআন এদিনতে অৱতীৰ্ণ কৰা নাই । ইয়াক সূদীৰ্ঘ ২৩ বছৰত সম্পূৰ্ণ কৰা হৈছে । লগতে  মনত ৰখা দৰকাৰ যে ভিন ভিন পৰিস্থিতি-পৰিৱেশত কোৰআনৰ আয়াতবোৰ আল্লাহে অৱতীৰ্ণ কৰিছিল ।
কোৰআনত যুদ্ধ-বিগ্ৰহ সম্পৰ্কেও কেইবাটাও আয়াত আছে । সেই সকলোবোৰ আয়াত এদিনতে অৱতীৰ্ণ হোৱা নাই । ভিন ভিন পৰিস্থিতি-পৰিৱেশত যুদ্ধ-বিগ্ৰহৰ সেই আয়াতবোৰ অৱতীৰ্ণ কৰা হৈছিল ।
১৪৫০ বছৰ আগত যি পৰিস্থিতিত জিহাদৰ আয়াতবোৰ অৱতীৰ্ণ কৰা হৈছিল, আজিৰ দিনত ঠিক সেই পৰিস্থিতি হলেহে যুদ্ধ-বিগ্ৰহৰ সেই আয়াতবোৰ প্ৰয়োগ কৰিব পৰা যাব ।

এই আয়াতবোৰৰ তফচিৰ (ব্যাখ্যা) জনাৰ লগতে কোন আয়াত কোন পৰিস্থিতিত অৱতীৰ্ণ হৈছিল, সেইটোও জনা দৰকাৰ । তেতিয়াহে কোৰআনৰ আয়াতৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্য বুজা সম্ভৱ হব ।
লগতে স্মৰণযোগ্য যে, নবী মোহাম্মদ (ছঃ) ৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছিল । গতিকে কোৰআনক প্ৰকৃতাৰ্থত বুজিবলৈ হ'লে ৰাছুলুল্লাহ (ছঃ) ৰ জীৱনী আৰু হাদিছৰ সম্পূৰ্ণ জ্ঞান থাকিবই লাগিব ।  আৰু এই জ্ঞান নাস্তিকৰ সকলৰ খুবেই কম ।
গতিকে নাস্তিক সকলে এই জ্ঞান অবিহনে কেতিয়াও কোৰআন বুজিব নোৱাৰে । ইয়াৰ বাহিৰেও কোৰআন নিজে নিজে সম্পূৰ্ণভাৱে বুজিবলৈ হলে আৰবী ভাষাত পাৰদৰ্শিতা থাকিবই লাগিব নাইবা ইছলামৰ বিজ্ঞ পণ্ডিতৰ সহায় লবই লাগিব । আৰু নাস্তিকসকলৰ আৰবী ভাষাৰ তেনে জ্ঞান নাই আৰু ইছলামৰ বিজ্ঞ পণ্ডিতৰো সহায় নলয় তেওঁলোকে । গতিকে নাস্তিকৰ দ্বাৰা যুদ্ধ-বিগ্ৰহৰ আয়াত বুজি পোৱা কেতিয়াও সম্ভৱ নহয় ।

কোৰআনৰ জিহাদৰ আয়াতবোৰ অত্যাচাৰী কাফিৰ-মুশ্বৰিকসকলৰ বিৰুদ্ধে অৱতীৰ্ণ কৰা হৈছিল । সিহঁতে ৰাছুল (ছঃ) ৰ লগত যুদ্ধ কৰিছিল, দেশত অশান্তি বিয়পাবলৈ অহৰহ চেষ্টা চলাই গৈছিল । ধৰ্ম প্ৰচাৰত বাধাৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে¸ মহম্মদ (ছঃ)ক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনাকাৰী সকলৰ বিৰুদ্ধে আৰু সেই সময়ত মক্কা-মদীনাত অশান্তি বিয়পাবলৈ অহৰহ চেষ্টা চলাই থকা কাফিৰ-মুছৰিক লকলৰ বিৰুদ্ধেহে কোৰআনত যুদ্ধৰ আদেশ দিয়া হৈছে ।

যুদ্ধ কৰিবলৈ ইছলামে কেইবাটাও নীতি নিৰ্ধাৰণ কৰি দিছে। তাৰে মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল- মুছলিমৰ হাতত ৰাষ্ট্ৰীয় ক্ষমতা থাকিব লাগিব আৰু উম্মতৰ এজন নেতা (Leader) থাকিব লাগিব। সেই লিডাৰৰ নেতৃত্বত মুছলিম সকলে যুদ্ধ কৰিব ।
যিহেতু বৰ্তমান মুছলিমৰ কোনো লিডাৰ নাই, গতিকে ইছলামত যি পৰ্যায়ৰ যুদ্ধৰ কথা কৈছে সেয়া বৰ্তমান সম্ভৱ নহয় ।
কোৰআন আৰু হাদিছত আমাক যেনে পৰ্যায়ৰ যুদ্ধৰ কথা কৈছে,  তেনেকোৱা যুদ্ধ বৰ্তমান বিশ্বত কতো হোৱা নাই ।
ISIS, Al Qaida, Lashkar e Taiba ইত্যাদি সন্ত্ৰাসবাদী দল। ইছলামিক জিহাদৰ লগত এওলোকৰ কোনো সম্পৰ্ক নাই ।

ইছলাম পৃথিবীৰ সৰ্বোচ্চ মানৱীয় আদৰ্শ




“ইছলাম পৃথিবীৰ সৰ্বোচ্চ মানৱীয় আদৰ্শ” কোৰআনৰ পৰা ইয়াৰ কেইটামান উদাহৰণ দাঙি ধৰা হ'ল ।
তোমালোকে ইজনে সিজনৰ ধন-সম্পদ অন্যায়ভাৱে আত্মসাৎ নকৰিবা আৰু তাক বিচাৰকৰ ওচৰত এই উদ্দেশ্যেও উপস্থাপন নকৰিবা যে¸ তোমালোকে আনৰ সম্পত্তিৰ কিছু অংশ ইচ্ছা কৰি অন্যায়ভাৱে ভক্ষণ কৰাৰ সুযোগ পোৱা । (কোৰআন ছুৰা নং ২ঃ আয়াত নং ১৮৮)

তোমালোকে যদি প্ৰকাশ্যভাৱে দান-দক্ষীণা কৰা তেন্তে এয়া ভাল । আৰু যদি গোপনে  অভাৱগ্ৰস্তলোকক দান কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম । এই নীতি মানি চলিলে তোমালোকৰ বহু পাপ মোচন হব । (২ঃ২৭১)

আল্লাহে সুতক মঙ্গলহীন কৰিছে আৰু দান-দক্ষীণাত মঙ্গল বৃদ্ধি কৰিছে । আল্লাহে কোনো অকৃতজ্ঞ আৰু দুষ্কাৰ্যকাৰীক ভাল নাপায় । (২ঃ২৭৬)

হে মুমিনসকল ! তোমালোকে আল্লাহক ভয় কৰা আৰু ধৰুৱাৰ পৰা যি সুত পাবলৈ আছে সেইটো এৰি দিয়া যদি তোমালোক মুমিন হোৱা ।
কিন্তু যদি তোমালোকে এনে নকৰা, তেনেহলে সাৱধান আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা তোমালোকৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা আছে, আৰু যদি তোমালোকে তাওবা কৰা (অনুতাপ কৰি সুত খাবলৈ এৰি দিয়া) তেনেহলে তোমালোকৰ মূলধনখিনি ঘুৰাই লবলৈ তোমালোকৰ অধিকাৰ আছে । তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব । (২ঃ২৭৮-২৭৯)

মাউৰাসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ ঘুৰাই দিয়া¸ তোমালোকে উৎকৃষ্ট বস্তুৰ লগত নিকৃষ্ট বস্তু সলনি নকৰিবা । তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা । নিশ্চয় এইটো মহাপাপ । (৪ঃ২)

যিসকলে মাউৰা লৰা-ছোৱালীসকলৰ ধন-সম্পত্তি অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত জাহান্নামৰ প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব । (৪ঃ১০)

উৎকৃষ্টভাৱে মঙ্গল সাধন কৰাৰ উদ্দেশ্য ব্যতীত তোমালোকে মাউৰা লৰা-ছোৱালীৰ সম্পত্তিৰ ওচৰতেই নাচাপিবা¸ যেতিয়ালৈকে সিহত বয়ঃপ্ৰাপ্ত নহয় । জোখ-মাপ কৰোতে হেৰ-ফেৰ নকৰি ন্যায়ভাৱে জোখ-মাপ কৰিবা । (৬ঃ১৫২)

তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোক সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা ।
আৰু ফেৰ নথকা সঠিক তৰ্জুৰে ওজন কৰিবা ।
মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা ।
‘আৰু সেই সত্তাক ভয় কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে (২৬ঃ১৮১-১৮৪)

আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা । তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা । (১৭ঃ২৩)

দুখীয়া-গৰিবক নিজৰ জমাধনৰ পৰা বছৰি ২.৫ %  যাকত হিচাবে দান দিয়া ইছলামত বাধ্যতামূলক ।

হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানৱজাতিৰ প্ৰাণ ৰক্ষা কৰিলে । (৫:৩২)

আৰু যিসকলে আমাৰ আয়াতসমূহক (কোৰআনৰ বাণী) তুচ্ছ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী । (২২ঃ৪৯)

বৰ্তমান সমগ্ৰ বিশ্বত মুছলমানৰ ওপৰত যি ধৰণৰ নিৰ্যাতন চলি আছে তাৰ কাৰণ কি ? আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় কি ?




প্ৰশ্নঃ - বৰ্তমান সমগ্ৰ বিশ্বত মুছলমানৰ ওপৰত যি ধৰণৰ নিৰ্যাতন চলি আছে তাৰ কাৰণ কি ? আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় কি ?

উত্তৰঃ- প্ৰথম কথা এইটো মুছলমানৰ কৃতকৰ্মৰ ফল  

আল্লাহে কৈছে  "তোমালোকলৈ যি বিপদ আপদ আহে সেয়া তোমালোকৰ কৃতকৰ্মৰ ফল" (ছুৰা ৪২ আয়াত ৩০)

দ্বিতীয়তে দলে দলে বিভক্ত হোৱা
আল্লাহে কৈছেঃ "তোমালোক আল্লাহ আৰু ৰছুলৰ আনুগত্য কৰা আৰু পৰস্পৰে কাজিয়াত লিপ্ত নহাবা,নহলে তোমালোকৰ মাজত দুৰ্বলতাৰ সৃষ্টি হব  । আৰু তোমালোকৰ শক্তি-সামৰ্থ নোহোৱা হব" (ছুৰা আনফাল,আয়াত ৪৬)

তৃতীয়তেঃ মুমিন বান্দাৰ ওপৰত আহা বিপদ আপদ পৰীক্ষা স্বৰুপ
আল্লাহে কৈছে "নিশ্চয় আমি তোমালোকক ভয়,ভোক,জান-মালৰ ক্ষতি ,ফল-শস্যাদি বিনষ্ট কৰি পৰীক্ষা কৰিম আৰু সেই ধৰ্যশীল সকলক সু খবৰ দিয়া (ছুৰা বাকাৰা,আয়াত ১৫৫)

চতুৰ্থতেঃ আমৰ বিল মাৰূফ অৰ্থাত সত কামৰ আদেশ আৰু ওৱা নাহী আনিল মুনকাৰ অৰ্থাত অসত কামৰ নিশেধ কৰা আৰু ইয়াৰ দায়িত্বৰ পৰা বিৰত থাকা ৰছুলুল্লাহ (ছঃ) য়ে কৈছে "মানুহে যেতিয়া কাৰোবাক বেয়া ৰাস্তাত দেখে আৰু তাক বাধা নিদিয়ে তেতিয়া আল্লাহে সিহতক ব্যাপক গজবৰ দ্বাৰা শাস্তি দিয়ে"
মুছলমানে সিহতৰ এই দায়িত্ব যেন পাহৰি গৈছে ফলত আল্লাহৰ ব্যাপক গজব  লাভ কৰিছে
গতিকে মুছলমানৰ ওপৰত সকলো নিৰ্যাতনৰ মুল কাৰণ হৈছে (কোৰআন আৰু হাদিছৰ)ৰ পৰা বহুত দুৰত থকা এই ক্ষেত্ৰত মুছলমানৰ একমাত্ৰ কৰণীয় হল কোৰআন আৰু হাদিছৰ ফালে প্ৰত্যাবৰ্তন কৰা আৰু তাৰ আলোকত ঐক্যবদ্ধ মুছলিম সমাজ গড়ি তোলা