Sunday, 5 March 2017

ইছলামত মহিলাৰ স্থান


১) যদি মহিলা তোমাৰ মা হয তেন্তে ইছলামে কয় সেই মহিলাৰ ভৰিৰ তলত তোমাৰ জান্নাত ।‌
২) যদি মহিলা তোমাৰ ছোৱালী হয় তেন্তে ইছলামে কয় ২-৩ জনী ছোৱালী লালন-পালন কৰাজনক আল্লাহে জান্নাতত দিব ।‌
৩) যদি মহিলা তোমাৰ স্ত্ৰী হয় তেন্তে ইছলামে কয় " পৃথিৱীৰ শ্ৰেষ্ঠ আৰু পবিত্ৰ বস্তুটো তোমাৰ স্ত্ৰী"।‌
লগতে এইটোও কয় তোমালোকৰ ভিতৰত তেওঁৱেই ভাল যি নিজৰ স্ত্ৰীৰ ওচৰত ভাল ।‌
৪) যদি মহিলা তোমাৰ ভন্টি বা বাইদেউ হয তেন্তে ইছলামে কয় দাদা বা ভাইটি তাইৰ শ্ৰেষ্ঠত্ব ৰক্ষক ।‌ তাইৰ ওপৰত হাত নুতুলিবা ।‌
৫) ইছলামে কয় প্ৰতিগৰাকী মহিলাক নিজৰ ভন্টি বাইদেউৰ চকুৰে চাব ।‌ কামনাৰ চকুৰে চোৱাটো মহা পাপ।‌
৬) ইছলামে কয বিধৱা আৰু আশ্ৰযহীন মহিলাক সহায়ৰ হাত আগবঢ়োৱাজন গোটেই নিশা ইবাদত কৰা আৰু ৰোজা ৰখাৰ সমপৰিমানৰ পুন্য লাভ কৰে ।‌
৭) ইছলামে কয় যিয়ে orphan ছোৱালীৰ লালন-পালনৰ দায়িত্ব লয় মৃত্যুৰ পিছত তেওঁ নবী মুহাম্মদ (ছঃ) ৰ লগত একেলগে থাকিব ।‌

ইছলামত নাৰীৰ অধিকাৰ আৰু স্থানক লৈ সমসাময়িক ভাৰতবৰ্ষ তথা অসমত বিভিন্ন জনে বিভিন্ন কথাৰে তুচ্ছ-তাচ্ছিল্য কৰা সকল লৈ বিনম্ৰ অনুৰোধ ইছলামৰ ওপৰত কিবা কব লগা থাকিলে প্ৰথমতে ইছলামৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক পিছত আপোনাৰ মন্তব্য জনাওঁক ।‌ ‌

ইছলামত মহিলাৰ মৰ্যাদা


নাৰীৰ মর্যাদা প্রতিষ্ঠাত ইছলামৰ অৱদান অনন্য । ১৪ শ বছৰ আগত এনে এক সময়ত ইছলামৰ আৱির্ভাব হয় যেতিয়া আৰব ভূখণ্ডত কন্যা সন্তানৰ জন্মগ্রহণক তাৰ পিতাৰ বাবে অপমান হিচাবে দেখা গৈছিল আৰু কোনো কোনো ক্ষেত্রত কন্যাশিশুক জীৱন্ত কবৰ দিয়া হৈছিল । পৱিত্র কোৰআনৰ ভাষাত,

সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে ।

তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে । সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান ! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট !

 (ছুৰাঃ আন-নাহল : ৫৮-৫৯)

তেতিয়া  ৰাছুল (ছাঃ) সৎ কর্মত নাৰী আৰু পুৰুষৰ সমমর্যাদাৰ কথা কলে । তেওঁ  মানুহক জনাই দিলে,

আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎ কৰ্ম কৰিলে সিহঁত জান্নাতত প্ৰৱেশ কৰিব আৰু সিহঁতৰ প্ৰতি অণু পৰিমাণও অন্যায় কৰা নহ’ব ।
(সূরা আন-নিসা, আয়াত: ১২৪)

ইছলামত পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰত নাৰীক পুৰুষৰ সমান মর্যাদাৰ অধিকাৰী কৰিছে, অত্যন্ত সম্মানজনক মর্যাদা দিছে । ৰাছুল (ছাঃ) স্বয়ং নাৰীসকলক শিক্ষা গ্রহণৰ গুৰুত্বৰ প্রতি বিশেষভাৱে সতর্কতাৰে দৃষ্টি ৰাখিছিল। তেওঁ  বিভিন্ন সময়ত নাৰী সকলৰ উদ্দেশ্যে  শিক্ষামূলক ভাষণ দি সুন্দৰ কণ্ঠত কৈছে, ‘প্রত্যেক মুছলমান নৰ-নাৰীৰ বাবে জ্ঞানার্জন কৰা ফৰজ ।’ (ইবনে মাজাহ)

ইছলামত নাৰীক সর্বক্ষেত্রত সর্বোত্তম মর্যাদা দিয়া হৈছে । মা হিচাবে, স্ত্রী হিচাবে, কন্যা হিচাবে ইছলামত নাৰীক যি মর্যাদাত ভূষিত কৰা হৈছে সেয়া এক কথাত অতুলনীয় । আবু হুৰাইৰা (ৰাঃ) কর্তৃক বর্ণিত, ‘এজন ব্যক্তি ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কলে, ইয়া ৰাছুলাল্লাহ ! মানুহৰ ভিতৰত কোন মোৰ ওচৰত সর্বোত্তম সম্মান, মর্যাদা ও উত্তম ব্যৱহাৰ পোৱাৰ যোগ্য ? তেওঁ কলে তোমাৰ মা।চাহাবী সুধিলে তাৰপিছত কোন ? তেওঁ কলে, তোমাৰ মা। চাহাবী পুনৰ সুধিলে  তাৰপিছত কোন ? তেওঁ কলে তোমাৰ মা । চাহাবী আকৌ সুধিলে তাৰপিছত কোন ? এইবাৰ ৰাছুল(ছাঃ) উত্তৰ  দিলে তোমাৰ পিতা ।’ ( বুখাৰী-মুছলিম ৬¸২৬৯)

ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম ঘোষণা কৰিছে পৃথিৱীৰ  সকলোতকৈ ডাঙৰ  নিয়ামত হৈছে উত্তম স্ত্রী । (মুছলিম) । এই ঘোষণাৰ মাধ্যমত স্ত্রী হিচাবে নাৰীৰ মর্যাদাক মহিমান্বিত কৰা হৈছে । মানৱতাৰ প্ৰতীক ইছলামি জীৱন ব্যৱস্থাত নাৰীক পিতাৰ সম্পত্তিত, স্বামী, সন্তান আৰু মাৰ সম্পত্তিত উত্তৰাধিকাৰী ধার্য কৰা হৈছে । নাৰীক বিয়াৰ সময়ত মোহৰনা বা দেনমোহৰ পোৱাৰ অধিকাৰ দিয়া হৈছে । মোহৰনা মানা কৰা বা তাৰ পৰা জোৰ কৰি ব্যয় কৰাৰ অধিকাৰ স্বামী, পিতা বা ভাই কাকো দিয়া হোৱা নাই ।

ইছলামত নাৰীক আৱশ্যিক শিক্ষা, ধর্মচিন্তা, কর্মৰ স্বাধীনতাসহ পাত্র নির্বাচন আৰু সম্মতি প্রদানৰ অধিকাৰ দিছে । বিবাহৰ সময়ত অবিবাহিতা, তালাকপ্রাপ্তা আৰু বিধৱাসকলৰ মতপ্রকাশৰ সম্পূর্ণ স্বাধীনতা দিছে । নাৰীসকলে যেন নিজৰ নৈতিক চৰিত্র সমুন্নত ৰাখে আৰু সৎ/যোগ্য পাত্রক স্বামী হিচাবে নির্বাচন কৰিব পাৰে । সমাজত মাতা, গৃহকর্ত্রী আৰু ব্যৱসায় -বাণিজ্যত নিয়োজিত নাৰীৰ যথার্থ অবস্থান নিশ্চিত কৰি ৰাছুল (ছাঃ) নাৰীৰ অধিকাৰ সমুন্নত কৰি গৈছে । পিতামাতা, নিকটাত্মীয় আৰু স্বামীৰ সম্পত্তিত আছে নাৰীৰ সম্মানজনক অধিকাৰ । যিকোনো অর্থনৈতিক কর্মকাণ্ডত যি অর্থসম্পদ মহিলাসকলে উপার্জন কৰিব আৰু উত্তৰাধিকাৰসূত্রে যি ধন-সম্পদৰ অধিকাৰী হব, ইয়াত ইছলামে নাৰীক দিছে সম্পূর্ণ স্বাধীনতা । পৱিত্র কোৰআনত কৈছে, ‘পিতামাতা আৰু আত্মীয়স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতামাতা আত্মীয়স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিই হওঁক, এইটো নির্ধাৰিত অংশ।’ (ছুৰাঃ নিছা, আয়াত: ৭)

ইছলামত নাৰীক স্বামী নির্বাচনৰ পূর্ণ অধিকাৰ দিয়া হৈছে আৰু ইচ্ছাৰ বিৰুদ্ধে নাৰীক কতো বিয়া দিয়া নিষিদ্ধ কৰিছে । ইছলামত অকর্মণ্য, অত্যাচাৰী স্বামীৰ পৰা বিবাহ বিচ্ছেদেৰ পূর্ণ অধিকাৰ নাৰীক দিছে । বিধৱা আৰু তালাকপ্রাপ্ত নাৰীক বা পুনঃবিবাহৰ অধিকাৰ দিয়া হৈছে। ইছলামত জ্ঞানার্জন আৰু বিদ্যাশিক্ষাত পুৰুষৰ নিচিনাকৈ  নাৰীকো একেই ধৰণৰ অধিকাৰ দিছে । ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম কৈছে, জ্ঞানার্জন প্রত্যেক মুছলমানৰ ওপৰত ফৰজ আৰু আৱশ্যক । এই ক্ষেত্ৰত নাৰী-পুৰুষৰ কোনো ভেদাভেদ টনা নহয় ।

পিতা , স্বামী ,ভাই, পুত্ৰ এই চাৰিজন পৰিচয়ৰ পুৰুষ অভিভাৱক সকলে নাৰীৰ হক বা ন্যায় প্ৰাপ্য দায়িত্বশীলতাৰ লগত আদায় কৰিব, এইটো আল্লাহৰ বিধান । ইছলামত নাৰীক সকলো ক্ষেত্রত অগ্ৰাধিকাৰ দিছে বেছি আৰু পুৰুষক দায়িত্ব আৰু কৰ্তব্য দিছে বেছি । স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কক পোছাকৰ লগত তুলনা কৰা হৈছে। পোছাকৰ লগত শৰীৰৰ সম্পৰ্ক যিমান নিবিড়, স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক সিমানেই নিবিড় হোৱা উচিত। কোৰআনত কোৱা হৈছে,' সিহঁত
 তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকও সিহঁতৰ পোছাকস্বৰূপ । (ছুৰাঃ বাক্কাৰাহ, আয়াতঃ ১৮৭)

ৰাছুল(ছাঃ) স্বামীক অধিক ধৈৰ্য্যশীল আৰু সহিষ্ণু হবলৈ সৰ্তকবাণী উচ্চাৰণ কৰিছে 'তোমালোকে নিজ পত্নীসকলৰ প্ৰতি সৎ ব্যৱহাৰ কৰিবা । নিশ্চয় আল্লাহক সাক্ষী ৰাখি তোমালোকে তেওঁক গ্ৰহন কৰিছা আৰু আল্লাহৰ আদেশ মতে নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে । মুমিন স্বামী ইমানদাৰ স্ত্ৰীৰ প্ৰতি বিদ্বেষ ভাৱ পোষণকাৰী নহয় । কাৰণ স্ত্ৰীৰ কোনো ব্যৱহাৰত মনত কষ্ট পালেও পুনৰ তেওঁৰ দ্বাৰাই এনে ব্যৱহাৰ পাব , যাতে সন্তুষ্টি লাভ হব । (মুছলিম)

কিন্তু পৰিতাপৰ বিষয় হল, নাৰীৰ প্ৰতি কুদৃষ্টি আৰু অসাদাচৰণ কৰা যেন কিছুমান মানুহৰ স্বভাৱগত । নাৰী সহকৰ্মীক কৰবাত কৰবাত সন্মান প্ৰৰ্দশনৰ মানসিকতা হেৰাই তেওঁলোকৰ ন্যায়ৰ প্ৰাপ্য অধিকাৰ সমূহো ক্ষুন্ন কৰা হয় । যিয়ে কৰ্মক্ষেত্রত নাৰীৰ উন্নয়ন আৰু অগ্ৰগতিত বাধাগ্ৰস্থ কৰে ।

অথচ ইছলামত বিভিন্ন বিষয়ে সুযোগ-সুবিধা প্ৰদানৰ মাধ্যমত নাৰীৰ অধিকাৰক সন্মানজনক মৰ্যাদাত উন্নীত কৰিছে ।

Saturday, 18 February 2017

জিজিয়া কৰ কি ?


জিজিয়া কৰ-

জিজিয়া কৰ মুছলিম শাসক সকলে অমুছলিম সকলৰ পৰা লোৱা এটা সামন্য পৰিমাণ কৰ আছিল । মুছলিম সকলৰ ওপৰত যাকাত আত্যাৱশ্যক আৰু অমুছলিম সকলৰ ওপৰত সামান্য পৰিমানৰ জিজিয়া কৰ আছিল । এই জিজিয়া কৰৰ টকা অমুছলিম লোক সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে খৰচ কৰা হৈছিল । এই কৰ ইমান সামন্য পৰিমানৰ আছিল যে আজিৰ তাৰিখৰ লগত যদি মিলোৱা হয় ইয়াৰ পৰিমাণ বছৰত ৩০/৪০ টকাতকৈ বেছি নহব । যিটো আজিৰ তাৰিখত চৰকাৰে লোৱাতকৈ বহুগুণে কম ।

জিজিয়া কৰ সম্পৰ্কে বিসদভাৱে জানিবলৈ হলে তলৰ লিংটো খুলি তাত থকা Video টো চাওক আপুনি ।

https://m.youtube.com/watch?v=19tm5FC0bGg

কাফিৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ- কাফিৰ শব্দটো আৰবী শব্দ । কাফিৰ শব্দ কোনো গালি শপনি নহয় । কাফিৰ শব্দৰ অৰ্থ হল অস্বীকাৰকাৰী । অৰ্থাৎ আল্লাহ আৰু নবীৰ কথাক অস্বীকাৰ কৰা লোক । সহজ ভাষাত কবলৈ গলে কাফিৰ শব্দৰ অৰ্থ অমুছলিম । বহুতে কাফিৰ শব্দক গালি গালাজ বা অপমানসূচক শব্দ বুলি ভাৱে । এইটো একেবাৰে ভুল ধাৰণা । 

অমুছলিমক যতেই পোৱা ততেই হত্যাকৰা ? ৯ঃ৫


অমুছলিম সকলক উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষী মানসিকতা গঢ়ি তুলিবলৈ লগতে ইছলামক বদনাম কৰিবলৈ ইচলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ বিভিন্ন আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ চলাই অহাটো কোনো নতুন কথা নহয় । এই সন্দৰ্ভত কোৰআনৰ #ছুৰা_তৌবাহৰ ৫ নং আয়াতটিও ইয়াৰ ব্যতিক্ৰম নহয় । ইছলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ যিসমূহ আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ কৰি আছে তাৰ ভিতৰত ছুৰা তৌবাহৰ এই আয়াতটিও এটি অন্যতম আয়াত । ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে সচাকৈয়ে আল্লাহে ছুৰা তৌবাহৰ ৫ নম্বৰ আয়াতত কাফিৰ সকলক য'তেই পোৱা যায় তাতেই হত্যা কৰিবলৈ আদেশ দিছে নে ? আহক ইয়াৰ সম্পৰ্কত কিছু পৰ্যালোচনা কৰো ---

আপুনি যেতিয়া কোৰআন মেলি #ছুৰা_তৌবাহৰ ৫ নং আয়াত চাব তেতিয়া দেখিব যে তাত ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে স্পষ্টকৈ লিখা আছে যে কাফিৰ সকলক য'তেই পোৱা¸ ততেই হত্যা কৰা । কিন্তু এয়া সম্পুৰ্ণ আয়াত নহয় । কথাখিনিৰ আগে পিছে আৰু কিছুমান কথা আছে । ইছলামৰ শত্ৰু সকলে উক্ত আয়াতটিৰ আগে পিছে থকা কথাখিনি কেতিয়াও  নকয় । কাৰণ সেইখিনি কথা কলে সিহঁতৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব ।

আমি সকলোৱেই জানোঁ যে মুহাম্মদ (ছঃ) মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ পৰম শত্ৰু আছিল । কুৰেইছবিলাকে মুহাম্মদ (ছঃ) আৰু ইছলামক নিঃশেষ কৰিবলৈ সদায় যৎপৰোনাস্তি চেষ্টা চলাই আছিল । মুহাম্মদ (ছঃ) ক কোনো সময়তে মুছৰিক কুৰেইছবিলাকে শান্তিত থাকিবলৈ দিয়া নাছিল । সকলো সময়তেই সিহঁতে তেখেত (ছঃ)ক কষ্ট দি আছিল আৰু তেখেতৰ বিৰুদ্ধে যুদ্ধ-বিগ্ৰহ ৰচনা কৰি আছিল ।
মুহাম্মদ (ছঃ)এ মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মক্কাৰ পৰা মদিনালৈ হিজৰত (প্ৰব্ৰজন) কৰিছিল । তেখেত (ছঃ)এ হিজৰী চনৰ ষষ্ঠ বৰ্ষৰ জিলকদ মাহত সহস্ৰধিক মুছলিমক লগত লৈ পুনৰ মদিনাৰ পৰা মক্কালৈ যাত্ৰা কৰিলে । লগে লগে মুহাম্মদ (ছঃ) ৰ পৰম শত্ৰুবিলাকে এই সংবাদ মুছৰিক কুৰেইছবিলাকৰ মাজত প্ৰচাৰ কৰি দিলে যে সহস্ৰধিক মুছলিমক লগত লৈ মুহাম্মদ (ছঃ)এ পুনৰ মদিনাৰ পৰা মক্কা অভিমুখে যাত্ৰা কৰিছে  । এই সংবাদ পোৱাৰ  লগে লগে মুছৰিক কুৰেইছবিলাকে মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ কৌশল ৰচনা কৰিলে ।  মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ সিহঁতে গোপনে ৰাস্তাত খাপ পিতি থাকিল । মুছৰীক সকলৰ এই পৰিকল্পনাৰ সংবাদ মুহাম্মদ (ছঃ)য়ে পাই গল । এই সংবাদ তেখেতে পাই লগে লগে ৰাস্তা পৰিৱৰ্তন কৰি দিলে আৰু মক্কাৰ ওচৰত হুদাইবিয়া নামৰ ঠাই এডোখৰত বাহৰ পাতিলে ।
মুছৰিক কুৰেইছবিলাকেও গম পালে যে মুহাম্মদ (ছঃ)এ ৰাস্তা পৰিৱৰ্তন কৰি হুদাইবিয়াত বাহৰ পাতিছেহি । মুছৰিক সকলে মুহাম্মদ (ছঃ) এ হুদাইবিয়াত বাহৰ পতা বুলি গম পাই সিহঁতে মুহাম্মদ (ছঃ)ক হত্যা কৰিবলৈ সিহঁতৰ মানুহ পঠিয়ালে । মুহাম্মদ (ছঃ)ৰ মানুহে মুহাম্মদ(ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰিক কেইজনক কৰায়ত্ব কৰি মুহাম্মদ (ছঃ)ৰ ওচৰলৈ লৈ অহা হল  । মুহাম্মদ (ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰীক কেইজনে মুহাম্মদ (ছঃ)ৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰাত তেখেত (ছঃ)য়ে সিহতঁক ক্ষমা কৰি দিলে ।

ইয়াৰ পিছত যুদ্ধ-বিগ্ৰহ, ৰক্তক্ষয় আদিৰ পৰা ৰক্ষা পাবলৈ মহম্মদ (ছঃ)য়ে ওচমান (ৰাঃ)ক কুৰেইছবিলাকৰ লগত আলোচনাৰ্থে পঠিয়ালে । কিন্তু কুৰেইছবিলাকে ওচমান (ৰাঃ)ক বন্দী কৰি ৰাখিলে । ইফালে হুদাইবিয়াত বাহৰ পাতি থকা আল্লাহৰ ৰছুল মুহাম্মদ (ছঃ) ক খবৰ দিয়া হল যে ওচমান (ৰাঃ)ক হত্যা কৰা হৈছে । এই খবৰ পোৱাৰ লগে লগে মুছলিম সকলে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলালে ।
মুছৰিকসকল নিশ্চিত হল যে এইবাৰ সিহঁতৰ বিপদ অনিবাৰ্য । উপায়ন্তৰ হৈ কুৰেইছসকল মুহাম্মদ (ছঃ)ৰ ওচৰলৈ আলোচনাৰ্থে আহিল আৰু সিহতৰ পৰা নিশ্চিত হল যে, ওচমান (ৰাঃ)ক হত্যা কৰা হোৱা নাই, বন্দীহে কৰা হৈছে । মুছৰিক কোৰেইছসকলে যুদ্ধ-বিগ্ৰহ নহবলৈ মুহাম্মদ (ছঃ) ৰ ওচৰত কেইটিমান চৰ্ত আৰোপ কৰিলে ।

প্ৰথম চৰ্ত আছিল- এই বছৰ হজ নকৰাকৈ আপোনালোকে উভতি যাব লাগিব । অহাবছৰ মাত্ৰ ৩ দিনৰ বাবেহে হজ কৰিবলৈ মক্কালৈ আহিব পাৰিব ।
দ্বিতীয় চৰ্ত হল – যদি কোনোবা কুৰেইছে মক্কা এৰি মদীনালৈ যায়, তেওঁক ওভতাই দিব লাগিব । কিন্তু যদি কোনোবা মদীনাৰ মুছলিমে মক্কাত প্ৰৱেশ কৰে, তেনেহলে তেওঁক ওভতাই দিয়া নহব ।
তৃতীয় চৰ্ত হল – যিকোনো কাবীলা (গোত্ৰ) নিজৰ ইচ্ছানুযায়ী কুৰেইছসকলৰ লগত অথবা মুছলমানৰ লগত চামিল হব পাৰিব ।
চতুৰ্থ চৰ্ত – এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কুৰেইছ আৰু মুছলিম কোনেও কাৰো ওপৰত আক্ৰমণ কৰিব নোৱাৰিব । আনকি চুক্তিবদ্ধ গোত্ৰবিলাকৰ ওপৰতো কোনেও আক্ৰমণ কৰিব নোৱাৰিব । এই চুক্তিৰ ম্যাদ ১০ বছৰলৈ থাকিব আৰু এই চুক্তি হুদাইবিয়া সন্ধি নামে জনাজাত হব ।
এই চৰ্তসমূহ এক পক্ষীয় আৰু অন্যায়মূলক আছিল যদিও তথাপি শান্তি আৰু ধৈৰ্যৰ দূত মুহাম্মদ (ছঃ)এ শান্তি স্থাপনাৰ্থে এই চৰ্তসমূহ মানি লৈছিল ।
চুক্তিৰ দুবছৰৰ পাছতেই মুছৰিক কুৰেইছসকলে মুছলিম সকলৰ ওপৰত আক্ৰমণ কৰি চুক্তি উলংঘা কৰিলে । একমাত্ৰ শান্তিৰ বাবেই মুহাম্মদ (ছঃ) এ নিজে বশ্যতা স্বীকাৰ কৰি চুক্তি কৰিছিল, তথাপি কুৰেইছসকলে প্ৰৱঞ্চনা কৰি সেই চুক্তি উলংঘা কৰিলে ।
তেতিয়া যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিছিল । প্ৰৱঞ্চক মুছৰিক সকলক শাস্তি প্ৰদান কৰি সমাজত শান্তি স্থাপন কৰিবলৈ যুদ্ধ অতি জৰুৰী হৈ পৰিছিল । এনে এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আল্লাহ তাআলাই মুহাম্মদ(ছঃ)ৰ ওপৰত ছুৰা তৌবাহৰ ১,২, আৰু ৩ নম্বৰ আয়াতকেইটি অৱতীৰ্ণ কৰিছিল ।
(হে মুছলিম সকল, এতিয়া) আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা সিহঁতৰ লগত সম্পৰ্কচ্ছেদৰ ঘোষণা কৰা হল, যিবিলাক মুছৰিকৰ সৈতে তোমালোকে চুক্তি কৰিছিলা । (ছুৰা তৌবাহঃ ১ নম্বৰ আয়াত)
এতেকে তোমালোকে দেশত চাৰিমাহ ঘূৰা-ফিৰা কৰি লোৱা আৰু জানিথোৱা, তোমালোকে আল্লাহক কেতিয়াও দুৰ্বল কৰিব নোৱাৰা¸ বৰং আল্লাহে মুছৰিক সকলক লাঞ্চিত কৰিব । (ছুৰা তৌবাহঃ ২)
আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা মহান হজৰ দিনা ঘোষণা যে, মুছৰিক সকলৰ লগত আল্লাহ আৰু তেওঁৰ ৰছুলৰ কোনো সম্পৰ্ক নাই । এতিয়া তোমালোকে যদি অনুশোচনা কৰা তোমালোকৰেই মঙ্গল আৰু যদি মুখ ঘূৰোৱা তেনেহলে ভালদৰে জানিথোৱা¸ তোমালোকে আল্লাহক দুৰ্বল কৰিব নোৱাৰা । (হে নবী ! মুছৰিক কাফিৰসকলক কঠোৰ শাস্তিৰ সংবাদ দিয়া । (ছুৰা তৌবাহঃ ৩)

আল্লাহৰ এই হুকুমৰ পিছত মহম্মদ (ছঃ) এ মুছৰিক সকলক জনাই দিলে- এয়া আল্লাহৰ হুকুম । এতিয়া চুক্তি ভঙ্গ হৈ গৈছে ।  তোমালোকৰ দ্বাৰাই এই চুক্তি ভঙ্গ কৰা হৈছে । গতিকে পৱিত্ৰ চাৰি মাহ অতিবাহিত হোৱাৰ পিছতে তোমালোকৰ লগত যুদ্ধ আৰম্ভ হব ।
চুক্তি উলংঘ কৰি আক্ৰমণ কৰোঁতাসকলৰ বিৰুদ্ধে প্ৰত্যুত্তৰমূলক আক্ৰমণ কৰি ন্যায় প্ৰদান কৰাটো মুছলিমসকলৰ বাবে অৱশ্যে কৰ্তব্য হৈ পৰিছিল । সেয়েহে সৰ্বোচ্চ ন্যায়কৰ্তা আল্লাহ তাআলাই ছুৰা তৌবাহৰ উক্ত ৫ নং আয়াতত হুকুমনামা পঠিয়াইছে ।

(যদি ভাৰত আৰু চীনৰ মাজত যুদ্ধ আৰম্ভ হয় তেনেহলে দুয়োখন ৰাষ্ট্ৰৰ সেনা প্ৰধানে সৈন্য সকলৰ মনোবল বৃদ্ধি কৰিবলৈ নিশ্চয় কব যে শত্ৰুসকলক যতে পোৱা ততেই হত্যা কৰা । ঠিক তদ্ৰুপ মুছলিম সকলৰ মনোবল বৃদ্ধি কৰিবলৈ আল্লাহ তালায়ো ছুৰা তৌবাহৰ ৫ নং আয়াতত মুছলিম সকলক কাফিৰ মুছৰীক সকলক যতেই পোৱা যায় হত্যা কৰিব কৈছে ।
লগতে যুদ্ধৰ সময়ত কোনো সেনা প্ৰধানে কেতিয়াও নকয় যে¸ শত্ৰুপক্ষৰ সেনাই যদি তোমালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগে আৰু আশ্ৰয় বিচাৰে তেনেহঁলে সিহঁতক ক্ষমা কৰি দিবা আৰু আশ্ৰয় দিবা¸ লগতে  তাক নিৰাপদ ঠাইত থৈ আহিবাগৈ ।
কিন্তু আল্লাহে এই কথা ৬ নং আয়াতটিত মুছলিম সকলক জনাই দিছিল ।)

ছুৰা তৌবাহৰ ৫ নং আয়াতৰ আগৰ ৪ নং আয়াতত আল্লাহে কৈছে, "অৱশ্যে সেইসকল মুছৰিকৰ ক্ষেত্ৰত এই ঘোষণা প্ৰযোজ্য নহয়, যিবিলাকৰ লগত তোমালোকে চুক্তি কৰিছিলা আৰু সিহঁতে তোমালোকৰ লগত চুক্তি ভঙ্গ কৰা নাছিল ।"
যুদ্ধৰ এই ঘোষণা আত্মৰক্ষাৰ বাবেহে আছিল । অন্যায়কাৰী, অত্যাচাৰীৰ দ্বাৰা জোৰপূৰ্বকভাবে জাপি দিয়া যুদ্ধৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবে কৰা যিকোনো প্ৰয়াসক আক্ৰমণ  বুলি কব নোৱাৰি ।
অন্যায়কাৰী তথা অত্যাচাৰীৰ পৰা নিজৰ লগতে নিজৰ ধৰ্মক ৰক্ষা কৰিবলৈ যুদ্ধ কৰা আৰু যুদ্ধৰ সৈন্য সামন্তক উৎসাহিত কৰা ধৰ্ম সন্মত কাৰ্য ।
আমি মনত ৰখা উচিত যে¸ এই সম্পূৰ্ণ ছুৰাটো সেই সময়ৰ মক্কাৰ অত্যাচাৰী কাফীৰ-মুছৰীকসকলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । তেনেস্থলত আজিৰ প্ৰসঙ্গত আৰু অমুছলিমসকলৰ বিৰুদ্ধে এই আয়াত কিয় টানি অনা হৈছে ? নিশ্চয় অমুছলিম সকলক মুছলিমৰ বিৰুদ্ধে উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষীৰ মানসিকতা সৃষ্টি কৰিবলৈ নহয় জানো ?
কোৰআনৰ আয়াতৰ অপব্যাখ্যা কৰি ইছলামক বদনাম  কৰিবলৈ এয়া এক ঘৃণনীয় ষড়যন্ত্ৰ নহয় নে বাৰু ?

ইছলামৰ দৃষ্টিত জিহাদ


ইছলামৰ দৃষ্টিত জিহাদ-

জিহাদ শব্দৰ উত্‍পত্তি হৈছে আৰবীৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা । ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বোজায় ।
.
অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল । উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল । আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন । উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল ।
উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা। দূৰ্ভাগ্যজনক বিষয় যে এনে এক শান্তিৰ প্ৰচেষ্টাক ইছলাম বিৰোধী চক্ৰ সমূহে কালিমা সনাৰ চেষ্টা কৰিলে । ইছলাম বিৰোধী ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলালে !! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই । ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে " হাৰবুল মুকাদ্দীচা"। পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই । এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকর্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধর্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই !! ইছলাম ধর্মৰ এক অন্যতম আদৰ্শ হৈছে " লা ইকৰাহা ফি দ্বীন ", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধর্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ !!
.
জিহাদৰ অৰ্থ ধর্ম যুদ্ধ বুলি কোৱা বাখ্যা ইছলাম বিৰোধী চক্ৰৰ মাথো এক অপপ্ৰচাৰ !! আমেৰিকাৰ পৰা প্ৰকাশিত (১৬ এপ্ৰিল '১৯৭৯) " টাইমছ মেগাজিন" ৰ তথ্য অনুসৰি ১৮০০-১৯৫০ চনলৈ সূদীৰ্ঘ ১৫০ বছৰত প্ৰায় ৬০,০০০ ইছলাম বিৰোধী গ্ৰন্থ প্ৰকাশ পাইছিল । এই গ্ৰন্থ সমূহেই এনে বহু শব্দৰ অপবাখ্যাৰ মূল উত্‍স !!
গতিকে ইছলামক যিমানেই কলুষিত কৰাৰ চেষ্টা নকৰক কিয়, ইছলাম শব্দৰ অৰ্থই হৈছে শান্তি(আত্মসমর্পন) আৰু ইছলামত সন্ত্ৰাসবাদৰ কোনো স্থান নাই!! গতিকে এনেবোৰ বিষয় আমি সকলোৱে অনুধাৱন কৰি আমাৰ মাজত শান্তি শৃংখলা অটুত ৰখাটোৱেই প্ৰতিজন সচেতন ব্যক্তিৰ কাম্য হোৱা উচিত । 

জিহাদ শব্দৰ অৰ্থ কি ?



জিহাদ শব্দৰ অৰ্থ কি ?

>>>জিহাদ শব্দৰ উৎপত্তি হৈছে আৰবীৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা । ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায় ।

অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল ।উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল। আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন। উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল । উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা

ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলায়!! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে " হাৰবুল মুকাদ্দীচা" । পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই। এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকর্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধর্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!! ইছলাম ধর্মৰ এক অন্যতম আদৰ্শ হৈছে " লা ইকৰাহা ফি দ্বীন ", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধর্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ!!